Women’s Reservation Bill passed in Rajya Sabha:অৱশেষত সৰ্বসন্মতিক্ৰমে ৰাজ্যসভাতো গৃহিত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

pm modi 1

Women’s Reservation Bill passed in Rajya Sabha:অৱশেষত সৰ্বসন্মতিক্ৰমে ৰাজ্যসভাতো গৃহিত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

বহুচৰ্চিত মহিলা সংৰক্ষণ বিধেয়ক খন লোকসভাত শাসক- বিৰোধীৰ দুই-তৃতীয়াংশ বহুমতত গৃহীত হৈছিল।

ইয়াৰ পাছতে বৃহস্পতিবাৰে ৰাজ্যসভাত উদ্থাপন কৰা হয় বিলখন ৷ কিন্ত সকলো দলৰ সমৰ্থনত গৃহিত হয় ঐতিহাসিক বিলখন ৷

বিলখন ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰেৰণ কৰাৰ পাছত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ দান কৰাৰ লগে লগে ৰূপান্তৰিত হ’ব আইনলৈ ৷

উল্লেখ্য যে, ৰাজ্যসভাত বিলখনৰ ওপৰত বিৰ্তক অব্যাহত থকাৰ মাজতে অনুষ্ঠিত হোৱা ভোটত বিলখনৰ সপক্ষে ২১৫ পৰাৰ বিপৰীতে বিপক্ষে নপৰিল এটাও ভোট ৷ফলস্বৰূপে সৰ্বসন্মতিক্ৰমে বিল খন গৃহিত কৰাৰ ক্ষেত্ৰত বিৰোধী দল সমূহ আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে ৷

মনকৰিবলগীয়া যে ,বিলখনৰ সম্পৰ্কত ৰাজ্যসভাত শাসক- বিৰোধীৰ সাংসদ সকলে আগবঢ়াই নটা সংশোধনী প্ৰস্তাৱ ৷

মনকৰিবলগীয়া যে ,বিলখনৰ সম্পৰ্কত ৰাজ্যসভাত শাসক- বিৰোধীৰ সাংসদ সকলে আগবঢ়াই নটা সংশোধনী প্ৰস্তাৱ ৷

উল্লেখ্য যোগ্য,মহিলা সংৰক্ষণ বিধেয়ক আইনলৈ পৰিণত হোৱাৰ লগে লগে লোকসভাত মুঠ আসনৰ ৫৪৩ খন আসনৰ ভিতৰত ১৮১ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব ৷

স্মতৰ্ৱ্য যে,মহিলাৰ বাবে সংৰক্ষিত নিয়ম প্ৰযোজ্য হ’ব আগন্তুক ১৫ বছৰলৈ। তাৰ পাছত প্ৰয়োজন অনুসৰি সাংসদে তাৰ ম্যাদ বৃদ্ধি কৰিব পাৰিব ৷

আনহাতে মহিলাৰ বাবে সংৰক্ষিত নিয়ম ৰাজ্যসভা আৰু ৰাজ্য সমূহৰ বিধানপৰিষদৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

 

 

Exit mobile version