Pathsala Food Poisoning:পাঠশালাৰ প্ৰসাদত বিষক্ৰিয়া !

প্ৰায় চল্লিশজন ব্যক্তিক শ্বহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি

food positing

Pathsala Food Poisoning:

পাঠশালাৰ ৰূপনগৰত অঘটন ৷ মাহ-প্ৰসাদত বিষক্ৰিয়া ৷ প্ৰায় ৪০ গৰাকীকৈ লোক আক্ৰান্ত হোৱাত আটাইকেইগৰাকীকে পাঠশালা শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

উল্লেখ্য যে,পাঠশালাৰ ৰূপনগৰৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰে দুপৰীয়া অনুষ্ঠিত হৈছিল নাম -প্ৰসংগ ৷ নাম প্ৰসংগৰ অন্তত বিতৰণ কৰা প্ৰসাদ গ্ৰহণ কৰাৰ পাছৰে চুবুৰীৰ প্ৰায় অৰ্ধ শতাধিক লোকৰ বমি,জ্বৰ ,গাৰ বিষ,আৰু সঘনাই শৌচ হোৱাৰ পাছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

আক্ৰান্ত প্ৰায় ৪০ জন পুৰুষ- মহিলাক ইতিমধ্যে ভৰ্তি কৰা হয় পাঠশালাৰ শ্বহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ৷ আজি বহু কেইজন ৰোগীক ভৰ্তি কৰা হয় ৷অৱশ্যে ২০ জন সুস্থ হৈ উঠাত তেওঁলোকক চিকিৎসালয়ৰ পৰা গৃহাভিমুখী হৈছে ৷

ৰূপনগৰৰ নামঘৰ কমিটিৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বুট মাহ ক্ৰয় কৰা হৈছিল পাঠশালাৰ দৈনিক বজাৰৰ এখন গেলামালৰ দোকানৰ পৰা।

Exit mobile version