Four AGP Leaders To Join Congress on October 11:১১অক্টোবৰত কংগ্ৰেছলৈ চাৰি অগপ নেতা

আছুৰ প্ৰাক্তন সভাপতিৰ যোগদানৰ সম্ভাৱনা, সংবাদমেলত কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাৰ ঘোষণা

dwijen sarma

Four AGP Leaders To Join Congress on October 11:

সকলো থিকে থাকে থাকিলে এঘাৰ অক্টোবৰত গান্ধী টুপি পিন্ধিব অগপ চাৰি জ্যেষ্ঠ নেতাই ৷ একেদৰে যোগদানৰ সম্ভাৱনা আছুৰ প্ৰাক্তন সভাপতিৰ ৷

আজি এক সংবাদমেলত এই কথা সদৰি কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাৰ ৷ বৰ্তমান ৰাজ্যৰ শাসনাধিষ্ঠি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম অংশীদাৰ অগপৰ প্ৰতি বিতুষ্ট হৈ চাৰিজন অগপৰ প্ৰতিষ্ঠাপক নেতাই এঘাৰ অক্টোবৰত কংগ্ৰেছত যোগদান কৰিব ৷

যোগদান কৰিলগীয়া চাৰি শীৰ্ষ অগপ নেতা হ’ল অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডা:কমলা কলিতা,প্ৰাক্তন বিধায়ক সত্যবত কলিতা, প্ৰাক্তন মন্ত্ৰী উৎপল দত্ত,প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ৷

আনহাতে কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে আছু প্ৰাক্তন সভাপতি তথা বিপিএফৰ পদত্যাগি সাধাৰণ সম্পাদক প্ৰৱীণ কুমাৰ বড়ো ৷

ইপিনে,কংগ্ৰেছত যোগদানৰ তালিকাত কুমাৰ দীপক দাসৰ নাম দ্বীজেন শৰ্মাই সদৰি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্বয়ং দীপক দাসে ৷ অগপৰ জন্ম লগ্নৰে পৰা আঞ্চলিকবাদীত বিশ্বাসী হিচাপে কংগ্ৰেছত যোগদানৰ প্ৰশ্নই নুথে ৷ এইয়া ভূৱা অপ্ৰচাৰ ৷ তেওঁ অগপত আছে আৰু ভৱিষ্যতেও থাকিব বুলি মন্তব্য কৰে দাসে ৷

অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই চাৰি জ্যেষ্ঠ অগপ নেতাই কংগ্ৰেছত যোগদান কৰা বাতৰি অস্বীকাৰ কৰে ৷ তেওঁ আটাইৰে লগত মতবিনিময় কৰিছে ৷ কোনোজনেই কোৱা নাই এই কথা ৷ তেওঁলোক আঞ্চলিকবাদত বিশ্বাসী প্ৰতিষ্ঠাকালৰ  নেতা। আন দললৈ যোৱাৰ প্ৰশ্নই নুথে বুলি মন্তব্য কৰে অগপ নেতা গৰাকীয়ে ৷

ইপিনে আজি এক সংবাদমেলত আছুৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ সাধাৰণ সম্পাদক প্ৰৱীণ কুমাৰ বড়োৱে বিপিএফ ত্যাগৰ ঘোষণা কৰে ৷ আনহাতে কংগ্ৰেছত যোগদান কৰিব নেকি সাংবাদিকে সোধা প্ৰশ্নত বড়োৱে কয়, কংগ্ৰেছ বা আন দলত যোগদান কৰিব ৷ এই কথা এতিয়া ভৱা নাই ৷

Exit mobile version