Surrender Two Ulfa(I):অৰুণাচলৰ টিৰাপত আত্মসমৰ্পণ দুই আলফা (স্বাঃ) সদস্যৰ আত্মসমৰ্পণ

ম্যানমাৰস্থ শিৱিৰৰ পৰা পলায়ন কৰি আসাম ৰাইফলছৰ ওচৰত আত্মসমৰ্প

surrender two ulfa i

Surrender Two Ulfa(I):

আলফাৰ স্বাধীনৰ দুই সদস্যৰ আত্মসমৰ্পণ ৷ অৰুণাচলৰ সীমান্তৱৰ্তী টিৰাপৰ ছয় নং আসাম ৰাইফলছৰ শিৱিৰত আজি পুৱাভাগত আত্মসমৰ্পণ কৰে দুই আলফা সদস্য মনজিৎ গগৈ ওৰফে নীলোৎপল অসম, ৰোহিনী গগৈ ওৰফে উপন অসমে।

আত্মসমৰ্পণ কৰা সদস্য দুজনক আসাম ৰাইফলছে অসম আৰক্ষীক গতাই দিয়াৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে,আলফা স্বাধীনৰ ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়ন কৰিছিল সদস্য দুজনে ৷

আত্মসমৰ্পণ কৰা সদস্য মনজিৎ গগৈ ওৰফে নীলোৎপল অসমৰ ঘৰ নুমলীগড়ৰ বিপৰীতে ৰোহিনী গগৈ ওৰফে উপন অসমৰ ঘৰ মৰাণত ৷

Exit mobile version