ULFA(I):আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ভয়ংকৰ ঘটনা

ULFA(I):আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ভয়ংকৰ ঘটনা শীৰ্ষ নেতা লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ ছেলিম সহ এগৰাকী মহিলা কেডাৰক মৃত্যুদণ্ড, আলফ(স্বাঃ)কেডাৰৰ মৃত্যুদণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ

ulfa i 1

ULFA(I):

চুবুৰীয়া ম্যানমাৰৰ আলফা স্বাধীনৰ শিৱিৰত ভয়ংকৰ ঘটনা৷পুনৰ মৃত্যুদণ্ড দিয়া হ’ল এজন শীৰ্ষ নেতা সহ এগৰাকী মহিলা কেডাৰক ৷

ম্যানমাৰৰ অজ্ঞাত স্থানত থকা সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ অসমৰ নিৰ্দেশত কেম্পত হত্যা কৰা হয় কেডাৰ দুগৰাকীক

প্ৰাপ্ত খবৰ অনুসৰি আলফা (স্বাঃ) বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অপৰাধত মৃত্যুদণ্ডৰ দৰে কঠোৰতম শাস্তি বিহা হয় ৷ উদ্থাপিত অভিযোগ অনুসৰি নিষিদ্ধ ঘোষিত সংগঠনটোৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ দৰে গুৰুত্বৰ অপৰাধৰ পৰিপ্ৰেক্ষিতত সংগঠনটোত বিগত ৩৫ বছৰ ধৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি অহা শীৰ্ষ নেতা লাচিত হাজৰিকা ওৰফে চেলিম আলী আৰু মহিলা কেডাৰ বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াক মৃত্যুদণ্ড বিহা হয় ৷

উল্লেখ্য যে, সুদক্ষ খেলুৱৈ নয়নমণি চেতিয়া এটি সন্তানৰ মাতৃ ৷ তেওঁৰ ঘৰ তিনিচুকীয়াত। আনহাতে মৃত্যুদণ্ড বিহা লাচিত হাজৰিকা ওৰফে চেলিম আলীৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত।

মনকৰিবলগীয়া যে,খেললৈ যাম বুলি ওলাই যোৱা নয়নমণি চুতীয়া আৰু ঘৰলৈ ঘূৰি নাহিল ৷ খবৰ আহিল আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ড বিহা হৈছে তিনিচুকীয়াৰ নয়নমণিক ৷ কন্যাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই এতিয়া কান্দোনত ভাগি পৰিছে মাতৃ ৷

ইপিনে আলফ(স্বাঃ)কেডাৰৰ মৃত্যুদণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ মৃত্যুদণ্ডক লৈ চিন্তাম্বিত শীৰ্ষ আৰক্ষী বিষয়া গৰাকীৰ।
টুইটাৰ যোগে জি পি সিঙে কয় যে, ”জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে – অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ – যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ”

Exit mobile version