Moral Policing Incident Again:ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা

এজন যুৱকক বন্ধ কোঠাত গণপ্ৰহাৰ, মৰিগাঁৱৰ মিকিৰভেটাৰ কলমৌবাৰীত সংঘটিত হৈছে এই ঘটনা

morel policing

Moral Policing Incident Again:

ৰাজ্যত ইটোৰ পাছে সিটোকৈ অব্যাহত আছে মৰেল পুলিচিঙৰ ঘটনা ৷ মৰিগাঁৱত এজন যুৱকক বন্ধ কোঠাত আৱদ্ধ কৰি গণ প্ৰহাৰ একাংশ লোকৰ ৷ ঘটনা সংঘটিত হৈছে মিকিৰভেটাৰ কলমৌবাৰীত ৷

ঘটনাৰ সূত্ৰপাত অনুসৰি দুই যুৱকক বাট আগচি মাৰপিট কৰে একাংশ উত্তেজিত লোকে। পাছত ৰাজপথৰ পৰা ধৰি নি কোঠাৰ ভিতৰত ৰেকিবুদ্দিন নামৰ যুৱকজনক পুনৰ বৰ্বৰভাৱে প্ৰহাৰ লোকসকলৰ।

আনকি পিতৃ-মাতৃৰ সন্মুখতেই সংঘটিত হয় এই বৰ্বৰ ঘটনা ৷ ইতিমধ্যে মাৰপিটৰ দৃশ্য বন্দী কেমেৰাত ৷

উল্লেখ্য যে, দুজন যুৱকৰ এজনে প্ৰাণ বচাবলৈ জাঁপ দিয়ে পুখুৰীত। গণৰোষৰ পৰা ৰক্ষা পাবলৈ পুখুৰীত জাপ দিয়া ৱাচিমৰ এই পৰ্যন্ত নাই কোনো সন্ধান ৷ ৰেকিবৰ লগত একেলগে আহিছিল ৱাচিম। আনহাতে ভিডিঅ’ ভাইৰেলৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ৷

উদ্থাপিত অভিযোগ অনুসৰি গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰিছিল ৷ আনকি ভুক্তভোগী পিতৃয়ে অভিযোগ কৰা মতে তেওঁৰ পৰা লৈছিল ৫ হাজাৰ টকা।

ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত মিকিৰভেটা আৰক্ষী থানাত এজাহাৰ দিছে যদিও পোৱা নাই কোনো সহাৰী ৷ যাৰবাবে এতিয়াও বীৰদৰ্পে ঘূৰি আছে গণ প্ৰহাৰ কৰা লোক কেইগৰাকী।

Exit mobile version