Howly UP Jila Demand :ভৱানীপুৰ- সৰভোগ উপ-জিলাৰ সদৰ হাউলীত স্থাপনৰ দাবীত হাউলীত অৱস্থান ধৰ্মঘট

dharna

Howly Up Jila Demand:

ভৱানীপুৰ- সৰভোগ উপ-জিলাৰ সদৰ হাউলীত স্থাপনৰ দাবীত আজি পুৱা ১১ বজাত হাউলী চাৰিআলিত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ভৱানীপুৰ -সৰভোগ উপ -জিলা সদৰ বিষয়ক সমিতিৰ উদ্যোগত হাউলী আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ হাউলী উন্নয়ন পৰিষদ আৰু বিভিন্ন দ’ল সংগঠনৰ সহযোগত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘটত হাউলী অঞ্চলৰ ৫৫ টা দ’ল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন দ’ল- সংগঠনৰ প্ৰতিনিধিয়ে হাউলীত সদৰ স্থাপনৰ দাবী তুলি বক্তব্য প্ৰদান কৰে। হাউলী বাসীৰ দাবী অনুসৰি হাউলী ভৱানীপুৰ -সৰভোগ উপ জিলাৰ মধ্যস্থান আৰু সকলো সমষ্টিবাসীৰ ৰাইজৰ সুবিধাৰ্থে যাতায়তৰ এক সূচল ব্যৱস্থা আছে।

ইয়াৰোপৰি সদৰ স্থাপনৰ বাবে বিভিন্ন কাৰ্যলয় স্থাপনৰ পৰ্যাপ্ত পৰিমাণৰ ভূমি আৰু আন্তঃগাথঁনি আছে। দ’ল সংগঠনৰ প্ৰতিনিধিৰ বক্তব্য অনুসৰি হাউলী আজি যিমানখিনি উন্নয়ন হ’ব লাগিছিল এতিয়ালৈকে হোৱা নাই। সেয়েহে হাউলীৰ উন্নয়ণৰ স্বাৰ্থত আজি বৰষুণক নেওচি হাউলীবাসী একত্ৰিত হৈ প্ৰায় পাঁচ শতাধিক ৰাইজে স্বতস্ফুৰ্ত ভাৱে ওলাই আহে ।

আজিৰ কাৰ্যসূচীত ভৱানীপুৰ -সৰভোগ উপ জিলাৰ সদৰ হাউলীত স্থাপন কৰা আৰু সদ্য ঘোষিত ভবানীপুৰ সৰভোগ সমষ্টি কোনো কাৰণতে খণ্ড- বিখণ্ড কৰিবলৈ দিয়া নহ’ব বুলি এক প্ৰস্তাৱ লৈ অসমৰ মুখ্যমন্ত্ৰী আৰু বজালী জিলাৰ পৰিসীমা নিৰ্ধাৰণ কৰা সন্দৰ্ভত সদ্য গঠিত কেবিনেট উপ সমিতিক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আজিৰ কাৰ্যসূচীৰ পৰা ৰাইজে মন্তব‍্য প্ৰদান কৰি যে যদি হাউলী বাসীৰ দাবী অসম চৰকাৰে মানি নলয় তেন্তে পৰৱৰ্তী সময়ত হাউলীবাসীয়ে অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব।

উল্লেখযোগ্য যে আজিৰ ধৰ্মঘট কাৰ্যসূচীত হাউলী কাৰবাৰী সন্থাই পূৰ্ণ সমৰ্থন জনাই দোকান- পোহাৰ বন্ধ কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Exit mobile version