Teok Accident:পুৱাতে টীয়কত কৰুণ ঘটনা

তীব্ৰবেগী বাহনে মহটিয়ালে ছাত্রীক, থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে

accident 2

Teok Accident:

পুৱাই ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গ’ল টীয়ক । বিদ্যালয়লৈ গৈ থকা অৱস্থাতে সংঘটিত হয় পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় সপ্তম শ্ৰেণীৰ ছাত্ৰী । ছাত্ৰী গৰাকীৰ নাম ফাৰহিজা বেগম। ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল ফাৰহিজা।

প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱাভাগত টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্রাকে মহটিয়াই নিয়ে এগৰাকী ছাত্ৰীক। ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় ছাত্রী গৰাকী।

ফাহিজা বেগম নামৰ ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলবাসী শোকাহত হৈ পৰে ৷ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে।

আনহাতে দুৰ্ঘটনা সংঘটিতৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। দুর্ঘটনা সংঘটিত কৰা এছএছ-০১-ডি ডি-১৮৮৭ নম্বৰৰ ট্রাক খনে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে অতি তৎপৰতাৰে জব্দ কৰি ট্ৰাকৰ চালকক আটক কৰি উত্তম মাধ্যম দিয়ে ।

অৱশ্যে কিছু সময়ৰ পাছতে দুৰ্ঘটনাস্থলীত টিয়ক আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ জিন্মাৰ পৰা চালকজনক উদ্ধাৰ কৰি থানালৈ লৈ য়ায় ৷
আনহাতে মৃত ছাত্ৰ গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জে এম চি এইছলৈ প্ৰেৰণ কৰে ৷

Exit mobile version