Artificial Flood In Nagaon Medical College & Hospital:
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা নগাঁৱৰ নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় খন ডুবি আছে কৃত্ৰিম বানত ৷
এজাক মুষলধাৰ বৰষুণ দিলেই কলেজ খনৰ চোতাল আৰু প্ৰৱেশদ্বাৰত একাঠু পৰ্যন্ত পানী হোৱাটো নিত্যনৈমিত্তিকত পৰিণত হৈছে ৷
বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কলেজ খনৰ চোপাশ হৈ পৰে জলমগ্ন ৷ যাৰবাবে কলেজৰ শিক্ষাৰ্থী আৰু ৰোগী অহা -যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আনকি একাংশ ৰোগীয়ে বাটৰ পৰা ঘূৰিব লগা হৈছে ঘৰলৈ ৷
ততাতৈয়াকৈ কলেজখন উদ্বোধন কৰা হ’ল যদিও এবছৰে পৰিকল্পিতভাৱে নলা- নৰ্দমা নবনোৱাৰ বাবেই এতিয়া এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় চিকিৎসা মহাবিদ্যালয়খনিৰ চৌপাশ ৷
উল্লেখ্য যে, চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ আবদ্ধ পানীভাগ বাহিৰলৈ ওলাই যাবলৈ কোনো ব্যৱস্হা নথকাত চৌহদ হৈ পৰিছে জলমগ্ন ৷ উদ্থাপিত অভিযোগ অনুসৰি চিকিৎসা মহাবিদ্যালয় খনৰ নলা নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ প্ৰতিষ্ঠানৰ চৰম হেমাহি আৰু অকমন্যতাই বাবেই কদৰ্যময় পৰিবেশ সৃষ্টি হৈছে কলেজ চৌহদত ৷
মন কৰিবলগীয়া যে ,মুল ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নিজে পোনপটীয়াকৈ কাম নকৰি শেহতীয়াকৈ উপ-ঠিকাদাৰৰ জৰিয়তে কাম কৰিবলৈ দিয়াত নলা নিৰ্মাণত কৰি আহিছে বিলম্ব ৷ যাৰবাবে জীয়াতু ভূগিছে ৰোগী,চিকিৎসক আৰু চিকিৎসাকৰ্মী ৷
আনহাতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে চিকিৎসা মহাবিদ্যালয় খনত শেহতীয়াকৈ দেখা দিছে বিদ্যুতৰ সমস্যায়ো ৷ যধেমধে বিদ্যুত কৰ্তন হোৱাত বহু সমস্যাৰ সৃষ্টি হয় কলেজৰ বিভিন্ন কামকাজত ৷
তদুপৰি বিদ্যুতৰ সঘনাই ব্যাহত হ’লে নবজাতক শিশু ৰখা আই চি ইউত যিকোনো অঘটন নুই কৰিব নোৱাৰি ৷
সঘনাই হোৱা কৃত্ৰিম বান আৰু নিয়মীয়া বিদ্যুত যোগান সন্দৰ্ভত কলেজ কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে শীৰ্ঘেই যথোপযুক্ত ব্যৱস্থা লোৱাটো বিচাৰিছে নগাঁৱৰ সচেতন মহলে ৷