Nalbari Thief:ৰাজ্যত চোৰৰ টাৰ্গেট  ধৰ্মীয় অনুষ্ঠান !

নলবাৰীৰ বৰনদীত দুটাকৈ মন্দিৰত দিনদুপৰতে চোৰৰ চাফাই অভিযান, চোৰে লুট কৰি নিয়ে ৰজাদিনীয়া বিগ্ৰহ, সোণ, ৰূপৰ চেইন

barnaddi thift

Nalbari Thief:

শেহতীয়াকৈ চোৰৰ টাৰ্গেট হৈ পৰিছে ৰাজ্যৰ মথ-মন্দিৰ৷ ইটোৰ পাছত সিটোকৈ চোৰে লুট কৰিছে মন্দিৰ – নামঘৰৰ বহুমূলীয়া সা-সামগ্ৰী ৷ একপ্ৰকাৰ আৰক্ষীক চেলেন্স দি চোৰে অব্যাহত ৰাখিছে চাফাই অভিযান

শণিবাৰে নলবাৰীৰ বৰনদীত দুটাকৈ মন্দিৰত দিনদুপৰতে চোৰে চলালে চাফাই অভিযান ৷ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰৰ পৰা লুট কৰি নিয়ে ৰজাদিনীয়া বিগ্ৰহ, সোণ, ৰূপৰ চেইন।

আনহাতে সতীৰকুৰ গোপালথান মন্দিৰৰ দানপাত্ৰৰ সকলো নগদ ধন লুট কৰি নিয়ে গভাইত চোৰে ৷

ইতিমধ্যে দুয়োটা ধৰ্মীয় অনুষ্ঠানত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আৰম্ভ কৰিছে তদন্ত ৷ ৰাইজে শীৰ্ঘেই চোৰক আটক কৰি লুট কৰি নিয়া মন্দিৰৰ সা- সামগ্ৰী উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাই ৷

Exit mobile version