Asom Satra Mahasabha Press Release:মুখ্যমন্ত্ৰীৰ নাম লৈ সত্ৰৰ মাজত বিভাজনৰ ষড়যন্ত্র

asom satra mahasabha

Asom Satra Mahasabha Press Release:

অসমৰ সত্ৰসমূহৰ উন্নয়ন আৰু নিৰাপত্তাৰ স্বাৰ্থৰ ৰক্ষাৰ ক্ষেত্ৰত সুসংগঠিত ১০৮ বছৰীয়া অসম সত্ৰ মহাসভাৰ মাজত বিভাজন অনাৰ লগতে নানান মিছা কথা প্ৰলোভনেৰে কোনো ধৰণৰ ৰাজহুৱা সভা আদিৰ যোগেদি গঠন নোহোৱা “সদৌ অসম সত্ৰ মহাসভা” নামৰ এটা পাবত গজা সংগঠনৰ হৈ প্ৰান্তিক গোস্বামী নামৰ লোক এজনে বিভিন্ন অপকৰ্মত লিপ্ত হোৱা বুলি অসম সত্ৰ মহাসভাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এই সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই প্ৰকাশ কৰা এটা বিবৃতিত কয় যে, প্ৰান্তিক গোস্বামী নামৰ লোকজনে অসমৰ অতি গতিশীল , বিচক্ষণ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ব্যৱহাৰ কৰি নানান মিছা কথা আৰু প্ৰলোভন দেখুৱাই সত্ৰসমূহৰ মাজত বিভাজনৰ সৃষ্টি কৰি অসমৰ সত্ৰসমূহৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতি বিনষ্ট কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে। বিবৃতিটোত

সম্পাদক প্ৰধান গৰাকীয়ে কয় যে, উক্ত লোকজনে মুখ্যমন্ত্ৰীয়ে তেওঁক সত্ৰসমূহক সাহায্য দিবলৈ দুই কোটি টকাৰ এক অনুদান অনুমোদন কৰিছে আৰু সংগঠটোৰ বিভিন্ন কামত ব্যৱহাৰৰ বাবে এখন “ইন’ভা” বাহন চৰকাৰে দিয়া বুলি সত্ৰসমূহক কৈছে। এই বিষয়ত সংগতি ৰাখি আমি কওঁ যে যোৱা ২০২২ চনৰ মাৰ্ছত অসম সত্ৰ মহাসভাৰ প্ৰতিনিধি দলৰ সাক্ষাৎ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ দূৰ্বল সত্ৰ সমূহৰ এখন তালিকা বিচাৰিছিল।

সেই অনুসৰি আমি ২০২২ চনৰ নবেম্বৰ মাহত অসমৰ সকলো জিলাৰ দূৰ্বল সত্ৰৰ এখন তালিকা প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰিছিলোঁ । তাৰোপৰি আমাৰ সাক্ষাতৰ সময়ত অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্য্যালয় আৰু কেন্দ্ৰীয় নামঘৰ আদিৰ মেৰামতিৰ বাবে এজন  মন্ত্ৰীক দায়িত্ব দিব বুলি কৈছিল আৰু অসম সত্ৰ মহাসভাৰ সাংগঠনিক কামৰ বাবে অতি সোনকালে এখন বাহন দিয়াৰ কথাও কৈছিল।

তেনেক্ষেত্ৰত অসম সত্ৰ মহাসভাক অওকান কৰি প্ৰান্তিক গোস্বামীৰ সংগঠনক এখন ইন’ভা বাহন আৰু সত্ৰসমূহক প্ৰান্তিক গোস্বামীৰ জড়িয়তে দুই কোটি বিলাবলৈ দিয়া বুলি শুনি আমি আচৰিত হৈছোঁ । যদি প্ৰান্তিক গোস্বামীয়ে কোৱা মতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে তেন্তে অসমৰ সত্ৰীয়া সমাজ তথা অসমৰ জনতাৰ বাবে চৰম দূৰ্ভাগ্য।

প্ৰান্তিক গোস্বামীৰ ভাষ্য অনুসৰি তেওঁৰ সংগঠনটোৰ লগত অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত হৈ আছে। গতিকে সত্ৰসমূহ প্ৰান্তিক গোস্বামীৰ লগত তথা তেওঁৰ সংগঠনৰ লগত সম্পৰ্ক ৰাখিলে সত্ৰসমূহৰ বিভিন্ন ধৰণৰ উন্নয়ন হ’ব বুলি এক অপপ্ৰচাৰ চলাই আছে।

এনেধণৰ অতি মনে সজা মিছা বাতৰি প্ৰচাৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে চলোৱা প্ৰচেষ্টা অতি নিন্দনীয় । তেওঁৰ প্ৰচাৰ কৰি ফুৰা কথাখিনি যদি সচা হয় , তেন্তে অসমীয়াৰ বাবে অতি দূৰ্ভাগ্য বিষয়। কাৰণ অতি জনপ্ৰিয় , বিচক্ষণ অসমৰ মুখ্যমন্ত্ৰীজনে ১০৮ বছৰীয়া জাতীয় সংগঠন অসম সত্ৰ মহাসভাক আওকাণ কৰি পদবী নাপায় নিজাকৈ একে নামকে ব্যৱহাৰ কৰি মাত্ৰ আগত “সদৌ” লগাই গঠন হোৱা পাবত গজা সংগঠনটোক কিহৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান গুৰুত্ব দিছে অতি আচৰিত হব লগীয়া।

এই বিষয়ক লৈ অসমীয়া সমাজ চিন্তিত। প্ৰান্তিক গোস্বামী বোলা লোকজন এখন বিদ্যালয়ৰ শিক্ষক যদিও কোনোদিনে কৰ্মস্থানত উপস্থিত নাথাকি মুখ্য সচিবৰ নাম ব্যৱহাৰ কৰি সংগঠনৰ কামতে যোৱা মাৰ্চ মাহৰ পৰা অবিৰত ভাবে ঘুৰি ফুৰিছে । আমি জনাত প্ৰান্তিক গোস্বামীয়ে প্ৰধান শিক্ষক গৰাকীক ভাবুকিৰে কৰ্মস্থানত উপস্থিত নাথাকিও উপস্থিত দেখুৱাই মাহিলি বেতন আদায় কৰি আহিছে।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ কঠোৰ নীতি থকাৰ স্বত্বেও এনেদৰে চলি থকাটো অতি আচৰিত ঘটনা। ইয়াৰ পৰা বিভাগটোৰ ফোপোলা স্বৰূপৰ বিষয়ে নিশ্চিত ভাবে অসমৰ জনগনে উপলব্ধি কৰিছে।

বিবৃতিটোত আৰু উল্লেখ কৰা মতে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইহলীলা সম্বৰণ কৰা অসমীয়া জাতিৰ প্ৰাণ ঐতিহ্যমণ্ডিত কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ নিৰ্বাচন সন্দৰ্ভটো এই একে গৰাকী ব্যক্তিয়ে নানা ধৰণৰ অপপ্ৰচাৰ চলাই সত্ৰখনৰ পৰম্পৰা বিঘ্নিত কৰাৰ প্ৰচেষ্টা চলাইছে।

অসম সত্ৰ মহাসভাই অসমৰ সত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বেদখল হৈ থকা মাটিসমূহ উদ্ধাৰ কৰাৰ লগতে সত্ৰসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে অতি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰীক তেওঁ আৰু তেওঁৰ পৰিয়ালৰ নাম ব্যৱহাৰ কৰি অসমৰ সত্ৰসমূহৰ মাজত বিভাজনৰ পৰিৱেশ সূচনা কৰা এই অতি গুৰুতৰ বিষয়টোৰ সন্দৰ্ভত এক তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

Exit mobile version