Today Horoscope: দিনটোৰ ৰাশিফল
মেষ : আজি আপোনাৰ দিনটো বৰ ভাল দেখা নাযায়। দুৰ যাত্ৰা নকৰিব দেহভাৰ উত্তম বুলি যিকোনো নতুন কাম-কাজ কৰোতে উৎসাহ আহিব। শুভ ৰং ইটা, শুভ সংখ্যা ২।
বৃষ : হাত-ভৰিৰৰ বিষ বেদনা অনুভৱ কৰিব পাৰে। তেজৰ বেমাৰ হ’লেও তাৰ পৰা উপমশ পাব। সন্তানৰ শুভ। দাঁতৰ বেমাৰৰ পৰা ভাল হোৱাৰ সম্ভৱনা বেছি। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।
মিথুন : মানসিক অৱস্থা ঠিকেই থাকিব। চলা-ফুৰাত সাৱধান থাকিব । আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভালেই যদিও অর্থ আয় কৰিব| নোৱাৰিব। শুভ ৰং কমলা, শুভ সংখ্যা ৫।
কর্কট : সন্তানৰ বিবাহৰ যোগ আছে। যাত্ৰা বাবে এই ৰাশিৰ জাতক জাতিকাৰ শুভ দিন। ঘৰুৱা পৰিৱেশ ভাল বুলি ক’ব পাৰি। শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ২।
সিংহ : চাকৰিয়ালৰ বাবে ভাল। সন্তানৰ সু-স্বাস্থ্যৰ বাবে সৰু দুখীয়া ল’ৰা- ছোৱালীক বগা বস্তু খাবলৈ দিব। নিশাৰ ভাগত লঘোণত থাকিব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩।
কন্যা : পুৰণি ৰোগ উপশম হোৱাৰ সম্ভাবনা। মানসিক দিশত ভালে যাব। দিনটো শেষৰ ফালে সৰু-সুৰা ৰোগত কষ্ট পাব পাৰে। দূৰ ভ্ৰমণত আঘাত প্ৰাপ্তিৰ সম্ভৱনা নথকা নহয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।
তুলা : দেহত এলাহ ভাব থাকিব পাৰে, দেহ মনত কষ্ট অনুভৱ হ’ব৷ নতুন কর্মত হাত নিদিয়াই ভাল। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ১।
বৃশ্চিক : দুৰ্ঘটনা, ৰক্তপাত আদি হোৱাৰ সম্ভৱনা। ব্যৱসায় ক্ষেত্ৰত শুভ। স্বাস্থ্য ভালেই। বিদ্যাৰ্থী সকলৰ দিনটো শুভ। শুভ সংখ্যা ২, শুভ ৰং গুলপীয়া ।
ধনু : এই ৰাশিৰ জাতক-জাতিকাই আজি ক’লা মেকুৰীক পায়স খাব দিব। দিব। সু-ফলৰ বাবে নগত এটা ৰুমাল ৰাখিব। শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।
মকৰ : শাৰীৰিক ফালেদি মধ্যমৰ কাৰক যদিও মাহটোৰ মাজভাগ মূৰৰ বিষ, পেটৰ বিষ আদিত ভুগিব পাৰে। ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল। শুভ ৰং ক’লা, শুভ সংখ্যা ৮।
কুম্ভ : ওচৰ-চুবুৰীয়াৰ লগত কাজিয়া পেচালত মন বেয়াই হ’ব পাৰে। দেহ- মনত দুৰ্বলত প্ৰকাশ যাব যদিল চিন্তাৰ একো কাৰণ নাই। শুভ ৰং মুগা, শুভ সংখ্যা ৬।
মীন : ঘৰৰ পৰিৱেশ ভাল বুলি ক’ব নোৱাৰি। পিতৃ-মাতৃৰ শৰীৰ বিশেষ ভালেৰে নাযাব। সন্তানৰ লগত কোনো বিধোৰ হ’ব পাৰে। ব্যৱসায়ত উন্নতি । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯।