CRPF jowan Shoot Self Dead With Her Service Rifles:
গোলাঘাটৰ সৰুপথাৰৰ উৰিয়ামঘাটত অঘটন ৷ নিজৰ বন্দুকৰ গুলী লাগি থিতাতে নিহত হয় চিআৰপিএফ জোৱান ৷ উৰিয়ামঘাটৰ চিআৰপিএফ চাউনিৰ ১৪২ নং বেটেলিয়নত কৰ্মৰত জোৱানজনৰ নাম গোলাব হুছেইন ৷ নিহত জোৱানজনৰ ঘৰ বৰপেটাৰ পকাবেটবাৰীৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে,নিজ কৰ্তব্য সম্পাদন কৰি কেম্পলৈ উভতাৰ সময়তে নিজৰ হাতত থকা বন্দুকৰ পৰা হঠাতে ওলোৱা গুলীয়ে ভেদ কৰে জোৱানজনৰ ৷ থিতাতে কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া জোৱানজনে ৷
ইয়াৰ পাছতে হুৱাদুৱা লাগে চিআৰপিএফ চাউনিত ৷ তেজেৰে তুমৰলি হোৱা জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
ইতিমধ্যে উৰিয়ামঘাট আৰক্ষী উপস্থিত হৈ জোৱানজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট চিভিল হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷