Agartala Durga Puja Pandal Fire:পূজালৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত দুৰ্গা পূজাৰ পেণ্ডেলত ভয়ংকৰ অগ্নিকাণ্ড

নিমিষতে জুইত জাহ গ'ল দুৰ্গা প্ৰতিমা সহ ২৫ লাখটকীয়া পূজাৰ পেণ্ডেল

agartala fire 1

Agartala Durga Puja Pandal Fire:

পূজালৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত চুবুৰীয়া ৰাজ্যত ভয়ংকৰ অঘটন ৷ দপদপকৈ জ্বলি উঠা ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হয় দুৰ্গা প্ৰতিমা সহ ২৫ লাখ টকীয়া পূজাৰ পেণ্ডেল

মা দুৰ্গাৰ আগমনৰ আগতেই বিষাদৰ ছাঁ পৰিল ত্ৰিপুৰাৰ ৰাজধানী চহৰৰ আগৰতলাৰ উজান অভয়নগৰৰ ব্লাডচুন ক্লাৱৰ দ্বাৰা আয়োজিত ঐতিহ্যমণ্ডিত দুৰ্গাপূজাস্থলী ৷

অগ্নিকাণ্ডৰ ঘটনাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হোৱা বহু কেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ বহু ঘন্টাযোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ কিন্ত ইতিমধ্যে সকলো জুইত জাহ যায় ৷

প্ৰাপ্ত খবৰ অনুসৰি ভুল বৈদ্যুতিকৰণৰ বাবে শ্বৰ্ট চাৰ্কিটৰ ফলত দুৰ্গা পূজাৰ পেণ্ডেলটোত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনাটোত কোনো হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই।

উল্লেখ্য যে, এই দুৰ্গা পুজাস্থলী মুখ্যমন্ত্ৰী মানিক সাহাই শুক্ৰবাৰে উদ্বোধন কৰাৰ কথা আছিল ৷ আনহাতে দুৰ্গা পূজাৰ পেণ্ডেলটো জুইত ভস্মীভূত হোৱাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে ত্ৰিপুৰা পশ্চিমৰ উপায়ুক্ত ড: বিশাল কুমাৰ আৰু আগৰতলাৰ মেয়ৰ দীপক মজুমদাৰে ৷

ইপিনে,মুখ্যমন্ত্ৰী মানিক সাহাই তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে,”আগৰতলাৰ উজান অভয়নগৰৰ ব্লাডচুন ক্লাবত পূজা পেণ্ডেলৰ কামৰ সময়ত দুৰ্ঘটনাক্ৰমে জুই লগাৰ ফলত দুৰ্গামূৰ্তি সহ পূজাৰ পেণ্ডেল সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বাবে মই গভীৰভাৱে দু:খিত। মই ৰাজ্যখনৰ ৰাজহুৱা পূজা আয়োজক সমিতি সমুহক পূজাপেণ্ডেল নিৰ্মাণৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছো।

মনকৰিবলগীয়া যে, যোৱা বছৰ নৱৰাত্ৰিৰ সময়ত সংঘটিত একে ধৰণৰ ঘটনাত উত্তৰ প্ৰদেশৰ বিদোহী জিলাৰ এটা দুৰ্গা পেণ্ডেলত অগ্নিকাণ্ড সংঘটিত হৈছিল য’ত পাঁচজন লোকৰ মৃত্যু হৈছিল ।

Exit mobile version