SIT’s APSC Book Review: Apsc ৰ ২০১৩ৰ পৰীক্ষাৰ বহী পুনৰীক্ষণৰ প্ৰস্তুতি এছ আই টিৰ

জালত পৰা সম্ভাৱনা বহু এচিএছ- এপিএছ বিষয়াৰ !

apsc sit

SIT’s APSC Book Review:

অচিৰেই জালত পৰাৰ সম্ভাৱনা বহু কেইজন অসম প্ৰশাসনিক সেৱা বিষয়া ৷ পুনৰীক্ষণ কৰিব ২০১৩ৰ APSC পৰীক্ষাৰ বহী ৷ চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান তথা এছ আই টিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তা নেতৃত্বাধীন দলে শীৰ্ঘেই ২০১৩ৰ APSC পৰীক্ষাৰ বহী পুনৰীক্ষণ কৰাৰ বাবে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

উল্লেখ্য যে,মুন্নাপ্রসাদ গুপ্তা নেতৃত্বাধীন এছ আই টি- এ বহী পুনৰীক্ষণ বিচাৰি আদালতত আবেদন জনাইছিল ৷

ইতিমধ্যে আদালতে এছ আই টিক পৰীক্ষণৰ বাবে অনুমতি প্রদান কৰে ৷ ইয়াৰ লগে লগে বক্ৰপথৰে এচিএছ- এপিএছ হোৱাসকলৰ বাবে বিপদ আসন্ন

Exit mobile version