Guwahati Sessions Court:
মঙলবাৰে মহানগৰীৰ সত্ৰ ন্যায়াধীশ আদালতত সংঘটিত হয় এক অঘটন ৷ দ্বিতীয় মহলাত থকা আদালতৰ পকী চিলিঙৰ এচোৱা হঠাতে খহি পৰে ৷ ফলত আঘাতপ্ৰাপ্ত হয় এগৰাকী বয়োবৃদ্ধ মহিলা।
ADVERTISEMENT
আনহাতে কথমপিহে ৰক্ষা পৰিল কেইবাজনো লোক । উল্লেখ্য যে,বহুদিন ধৰি মেৰামতি নোহোৱাৰ ফলত ন্যায়াধীশ আদালতৰ আন বহুস্থানত এনেধৰণৰ ঘটনাৰ সংঘটিত হোৱাৰ আশংকা কৰিছে কৰ্মচাৰী সকলে ৷