‘Amrit Kalash’ Taken To New Delhi:ৰাজধানী এক্সপ্ৰেছযোগে নতুন দিল্লীলৈ লৈ যোৱা হ’ল ‘অমৃত কলহ’

গুৱাহাটী ৰে'ল ষ্টেচনত ফ্লেগ অৱ মুখ্যমন্ত্ৰীৰ

amrit kalash

‘Amrit Kalash’ Taken To New Delhi:

শুক্ৰবাৰে পুৱা ভাগত ৰাজধানী এক্সপ্ৰেছযোগে নতুন দিল্লীলৈ লৈ যোৱা হ’ল ‘অমৃত কলহ’ ৷ এই উপলক্ষে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হৈ ‘অমৃত কলহ’ কঢ়িয়াই নিয়া ৰাজধানী এক্সপ্ৰেছ ট্ৰেইন খন সেউজীয়া পতাকা জোকাৰি বিদায় সম্ভাষণ জনাই ৷

উল্লেখ্যে যে,আজি অসমৰ পৰা কঢ়িয়াই নিয়া মাটিৰে দিল্লীৰ অমৃত উদ্যানত ব্যৱহাৰ হ’ব ৷

আনহাতে ,ৰাজ্যৰ বিভিন্ন পৌৰ নিকায়ৰ পৰা সংগৃহিত মাটি ভৰ্তি ৫৪০টা অমৃত কলহ সংৰক্ষণ কৰা হৈছিল কলাক্ষেত্ৰত ৷ ইয়াৰে ২৭০টা অমৃত কলহ আজি দিল্লীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী ২৭০টা কলহ প্ৰেৰণ কৰা হ’ব গহপুৰলৈ ৷

এই ২৭০ টা কলহৰ মাটিৰে গহপুৰৰ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

Exit mobile version