Process Of Transfer Of Teachers Has Been Changed.সলনি কৰা হ’ল শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়া !

school teacher

Process Of Transfer Of Teachers Has Been Changed:

ৰাজ্য চৰকাৰে পুনৰ সলনি কৰিলে শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়া ৷ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে hrmassam.in প’ৰ্টেলটো ৷ পূৰ্বতে এই প’ৰ্টেলটে শিক্ষক বদলিকৰণৰ বাবে আবেদন কৰিছিল সংশ্লিষ্ট আবেদনকাৰী শিক্ষকে

শেহতীয়াকৈ চৰকাৰে শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়া সলনি কৰি এক নতুন নিয়ম সংযোজন কৰিছে ৷ সেই অনুসৰি নতুন নিয়ম অনুসৰি বদলিকৰণৰ বাবে প্ৰয়োজন নহ’ব শিক্ষাখণ্ড কাৰ্যালয়ৰ ভেৰিফিকেচন ৷ একেদৰে প্ৰয়োজন নহ’ব জিলা পৰ্যায়ৰ কাৰ্যালয় ভেৰিফিকেচনো

এতিয়াৰ পৰা শিক্ষক বদলিকৰণৰ ক্ষেত্ৰত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগে ৷ এনে প্ৰেক্ষাপটত শিক্ষকসকলে বদলিকৰণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰে আবেদন কৰাটো বাধ্যতামূলক কৰিছে স্কুল শিক্ষা বিভাগে ৷

আবেদনৰ বাবে পূৰ্বৰ hrmassam.in প’ৰ্টেলটো একত্ৰিকৰণ কৰা হয় শিক্ষাসেঁতুত ৷ এতিয়াৰ পৰা শিক্ষাসেঁতুত নিয়মীয়া উপস্থিতি থকা শিক্ষক সকলেহে বদলিকৰণৰ বাবে আবেদন কৰিব পাৰিব ৷

আনহাতে ইতিপূৰ্বে ২৮ অক্টোবৰৰ ভিতৰত যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে বদলিকৰণৰ বাবে আবেদন জনালে ৷ তেওঁলোকৰ আবেদনসমূহ স্কুল শিক্ষা বিভাগে পৰ্যায়ক্ৰমে পৰীক্ষা কৰি চুড়ান্ত তালিকা প্ৰকাশ কৰিব ৷

Exit mobile version