Rangia Sub-Divisional Magistrate Dipan Barman’s Bodyguard Withdrawn: আৰক্ষীক উদ্দেশ্যি বিৰূপ মন্তব্য কৰা ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

ক্ষমা প্ৰাৰ্থনা দ্বীপন বৰ্মনৰ

dipen barman

Rangia Sub-Divisional Magistrate Dipan Barman’s Bodyguard Withdrawn:

কথাতে বঁটা পায়,কথাটো কটা যায় ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন মহকুমাধিপতিৰ ক্ষেত্ৰত ৷ অসম আৰক্ষীক উদ্দেশ্যি কেতবোৰ বিৰূপ মন্তব্য কৰি হেৰুৱাবলগীয়া হয় দেহৰক্ষী ৷ এচিএছ বিষয়া গৰাকী হ’ল ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মন।

উল্লেখ্য যে, মহকুমাধিপতি গৰাকীয়ে এখন সভাত এটিটিউট প্ৰসংগ টানি ভাষণ প্ৰসংগত অসম আৰক্ষীৰ বিৰুদ্ধে অপমানসূচক মন্তব্যৰে থকাসৰকা কৰিছিল ৷ পাছত মহকুমাধিপতিৰ ভাষণ চ’ছিয়েল মেডিয়াত ব্যাপক ভাইৰেল হয় ৷

ইয়াৰ পাছতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ ৰোষত পৰে বিষয়া গৰাকী ৷ গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এছ ডি অ(চিভিল) গৰাকীৰ ব্যক্তিগত পি এছ অ সহ পাঁচজন আৰক্ষীক প্ৰত্যাহাৰ কৰে ৷

আনহাতে আজি নিজৰ বক্তব্যৰ বাবে অনুসূচনা কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত ক্ষমা প্ৰাৰ্থনা বিচাৰে দ্বীপেন বৰ্মনে ৷ স্মতৰ্ৱ্য যে,বিষয়া গৰাকীয়ে তেওঁ দেহৰক্ষী জোৱানৰ প্ৰত্যাহাৰৰ কথাও স্বীকাৰ কৰিছে ।

ইপিনে, বিশেষ সূত্ৰে জানিব পৰা মতে যিকোনো সময়তে বিষয়াজনৰ বিৰুদ্ধে দিছপুৰে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে  ৷

উল্লেখ্য যে, এছিএছ বিষয়া দ্বীপেনৰ বিৰুদ্ধে ৰজু হৈ আছে ধৰ্ষণৰ গোচৰ ৷ সতীৰ্থ মহিলা এছিএছ বিষয়াই ২০২২ৰ ২১ জুলাইত মহিলা আৰক্ষী থানাত ৫৩/২০২২ নম্বৰত ৰজু কৰিছিল  গোচৰ ।

একেদৰে বিৰ্তকিত বিষয়াজনৰ বিৰুদ্ধে ব্লেকমেইলিং কৰি ৩৪ লাখ টকা আদায়ৰ দৰে গুৰুত্বৰ অভিযোগ ৷ বৰ্তমান জামিনত আছে এ চি এছ বিষয়াজন ৷

Exit mobile version