List of Government Holidays Released For 2024:২০২৪ৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰিছে তালিকা,মুঠ বন্ধ ৩৬ দিন,দুদিন থাকিব অৰ্ধছুটী

janata bhawan

List of Government Holidays Released For 2024:

২০২৪ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰৰ চৰকাৰী বন্ধৰ তালিকা আজি প্ৰকাশ কৰা হৈছে ৷ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰে এই তালিকা ৷

২০২৪ ৰ বাবে চৰকাৰী মুঠ বন্ধ ৩৬ দিনৰ বিপৰীতে দুদিন থাকিব অৰ্ধছুটী ৷ ২০২৪ ৰ বাবে আজি প্ৰকাশ কৰা বন্ধ তালিকা অনুসৰি ১৫, ১৬ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰীত বাথৌ পূজা, নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস, ৩১ জানুৱাৰীত মে-ডাম-মে-ফি, ২৪ ফেব্ৰুৱাৰীত চিলাৰায় দিৱস, ২৫ মাৰ্চত দৌল যাত্ৰা, ২৯ মাৰ্চত গুড ফ্ৰাইডে’, ১১ এপ্ৰিলত ঈড উল ফিটৰ, ১৩,১৪,১৫ এপ্ৰিলত ব’হাগ বিহু, ২০ এপ্ৰিলত সতী সাধিনী দিৱস, ১ মে’ত মে’ দিৱস, ৮ মে’ত দামোদৰ দেৱৰ তিথি, ২৩ মে’ত বুদ্ধ পূৰ্ণিমা, ২৪ মে’ত মাধৱ দেৱৰ তিথি, ১৭ জুনত ঈড উল জুহা, ১৫ আগষ্টত স্বাধীনতা দিৱস, ২৩ আগষ্টত মাধৱদেৱৰ তিৰোভাৱ তিথি, ২৬ আগষ্টত জন্মাষ্টমী, ৪ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰত কৰম পূজা, ২ অক্টোবৰ গান্ধী জয়ন্তী, ১০ ,১১, ১২অক্টোবৰত দুৰ্গা পূজা, ১৩ অক্টোবৰত বিজয়া দশমী আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, ১৭ অক্টোবৰত কাতি বিহু, ৩১ অক্টোবৰত কালি পূজা আৰু দেৱালী, ৫ নৱেম্বৰ ভাতৃ দ্বিতীয়া, ৭ নৱেম্বৰ চট পূজা, ১৫ নৱেম্বৰ গুৰু নানকৰ জয়ন্তী, ২৪ নৱেম্বৰ লাচিত দিৱস, ২ ডিচেম্বৰ অসম দিৱস আৰু ২৫ ডিচেম্বৰত খ্ৰিষ্টমাছ। এই দিন কেইটাত সম্পূৰ্ণ বন্ধ থাকিব।

একেদৰে ১৭ জুলাইত মহৰম আৰু ১৬ অক্টোবৰৰ লক্ষ্মী পূজাত অৰ্ধ ছুটিৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। উল্লিখিত দিন দুটাত সকলো চৰকাৰী কাৰ্যালয় দিনৰ ১ বজাত বন্ধ হ’ব।

আনহাতে ১ এপ্ৰিলত সকলো ৰাষ্ট্ৰীয়কৃত বেংকৰ লেনদেন বন্ধ থাকিব। পূৰ্বৰ দৰে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে সকলো চৰকাৰী কাৰ্যালয় বন্ধ থকাৰ বিপৰীতে বাকী শনিবাৰৰ দিন কেইটাত আন দিনৰ দৰেই খোলা থাকিব কাৰ্যালয় ৷

উল্লেখ্য যে,১৭ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত ২০২৪ বৰ্ষৰ বন্ধৰ তালিকাক জনোৱা হৈছিল অনুমোদন

Exit mobile version