Prevent Respiratory Diseases In Winter:শীতকাল আহিছে শ্বাসৰোগ প্ৰতিৰোধ কৰক

news

Prevent Respiratory Diseases In Winter:

শৰত কাল অহাৰ লগে লগে শীতৰ আগমনৰ প্ৰস্তুতিও আৰম্ভ হৈছে। কেইটামান দিনৰ পাছতেই হয়তো শীতৰ কুঁৱলী আমি দেখিবলৈ পাম ৷ শীতকালত নিম্নগামী তাপমান আৰু মাত্ৰাধিক প্ৰদূষণযুক্ত বায়ুমণ্ডলৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰিব পাৰে।

শীতকালটো বিশেষকৈ শ্বাসৰোগত আক্ৰান্ত ব্যক্তিৰ স্বাস্থ্যৰ কাৰণে প্ৰত্যাহ্বানজনক হৈ পৰে । এনে বতৰত হাঁপানি, কফ জুৰ, ছর্দি-কাহ আদি ৰোগত ভোগা ৰোগীৰ সংখ্যা বহু বাঢ়ি যায়।

প্ৰদূষিত কুঁৱলীৰ প্ৰভাৱ:

সচৰাচৰ শীতকালৰ কুঁৱলীৰ পৰা স্বাস্থ্যহানি হোৱাৰ আশংকা বৰ কম। কিন্তু ধোঁৱা আৰু ক্ষুদ্র ক্ষুদ্র বায়ু কণা জমা হৈ সৃষ্টি হোৱা প্ৰদূষিত কুঁৱলী মানৱ শৰীৰ, বিশেষকৈ শ্বাস-তন্ত্ৰৰ কাৰণে অতিশয় ক্ষতিকাৰক।

তেনে পৰিস্থিতিত মানুহৰ চকুৰ পোৰণি, চকুপানী ওলোৱা, নাকৰ খজুৱতি, ডিঙিৰ চেৰচেৰণি আৰু কাহ সাধাৰণ লক্ষণ হিচাপে দেখা দিয়ে। ছৰ্দি বৃদ্ধি হোৱাৰ লগে লগে শ্বাসনলীৰ সংবেদনশীলতাও বহুখিনি বাঢ়ি যায়, যাব ফলত শ্বাসনলী কোঁচ খাই আহে। ইয়াৰ ফলতে শ্বাসৰোগীসকলৰ সমস্যা বৃদ্ধিৰ আশংকা বৃদ্ধি পায়।

বৃদ্ধক সজাগতাৰ প্ৰয়োজন:

বয়োবৃদ্ধ লোকসকলৰ শ্বাস-প্রশ্বাস সম্পৰ্কীয় সমস্যাবোৰ বেছিকৈ হোৱা দেখা যায়। আচলতে বৃদ্ধলোকৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বহুখিনি হ্রাস পায়। সেই কাৰণেই তেওঁলোকক শ্বাসজনিত সমস্যাই আক্ৰমণ কৰাৰ সম্ভাৱনা বেছি।

বায়ুমণ্ডলত যিকোনো ধৰণৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত শৰীৰলৈকো পৰিৱৰ্তন আহে। যাৰফলত এলাৰ্জী আৰু হাঁপানি ৰোগী বিশেষকৈ আক্রান্ত হয়। ঠাণ্ডা দিনত এনে ৰোগীৰ সমস্যা অধিক বৃদ্ধি পায় ।

এই সময়ত কফ জ্বৰ বা পানীলগা জ্বৰৰ ভাইৰাছ অধিক সক্ৰিয় হৈ পৰে। সেই কাৰণেই এনে সমস্যা অনেক বৃদ্ধি পায়। শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু এইছ আই ভিত আক্রান্ত লোকৰ ক্ষেত্ৰত এই সংক্রমণ গুৰুতৰ হৈ পৰিব পাৰে।

প্ৰতিৰোধৰ বাবে কৰণীয়-

শ্বাস ৰোগী বিশেষকৈ হাঁপানি ৰোগীয়ে ঠাণ্ডাৰ পৰা বাচি থকাৰ লগতে নিয়মিতভাৱে ডাক্তৰৰ স’তে যোগাযোগ ৰাখিব লাগে। ডাক্তৰৰ পৰামৰ্শত ব্যৱহাৰ কৰা ইনহেলাৰৰ ড’জ সঠিক কৰি ল’ব। কেতিয়াবা ইনহেলাৰৰ মাত্ৰা বঢ়াবলগীয়া হয়।

# শীতৰ পৰা বাচি থাকিব । সমগ্র শৰীৰ ঢকা কাপোৰ পৰিধান কৰিব । বিশেষকৈ মূৰ, কাণ আৰু ডিঙি ঢাকি ৰাখিব।

# ঠাণ্ডাৰ কাৰণে চাবোন পানীৰে হাত ধোৱাৰ অভ্যাস পৰিত্যাগ নকৰিব।

#কুহুমীয়া গৰম পানীৰে গা ধুব।

শীতকালত ছর্দি অতিশয় লাভজনক।

ছর্দি, কাহ, নাক বন্ধ হোৱা, পানীলগা জ্বৰ, কফ জ্বৰত বা আন শ্বাস সম্পৰ্কীয় ৰোগীয়ে সদায় পুৱা-আবেলি গৰম পানীৰ ভাপ ল’ব লাগে ৷

কফ জ্বৰ হোৱা ৰোগীয়ে কাহ বা হাঁচি মৰাৰ সময়ত মুখত হাত থ’ব লাগে বা ৰুমাল ব্যৱহাৰ কৰিব লাগে ।

কফ জুৰত আক্ৰান্ত ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল, গামোছা, বিছনা চাদৰ আদি ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব ।

আপোনাৰ শৰীৰত যদি কফ জ্বৰৰ লক্ষণে দেখা দিছে, তেন্তে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব আৰু পৰাপক্ষত ঘৰতে থাকিব।

কফ জ্বৰ, পানী লগা জ্বৰত ভোগা ব্যক্তিৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰাখিব ।

তেনে ব্যক্তিৰ স’তে পৰাপক্ষত কৰমৰ্দন কৰা বা শাৰীৰিক সংস্পৰ্শৰ পৰা বিৰত থকাৰ চেষ্টা কৰিব ।

কি নকৰিব:

শ্বাস ৰোগীসকলে ঠাণ্ডা দিনত পুৱা ফুৰিবলৈ যাব নালাগে ।

পুৱা ঠাণ্ডা পানীৰে গা ধুব নালাগে ৷

শ্বাসৰোগীয়ে ধোঁৱাৰ পৰা আঁতৰি থাকিব ।

Exit mobile version