Bhutan King Jigme Khesar Namgyel Wanchuck Visit In Guwahati:
আজি অসমলৈ আহিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নৃপতি। অসমত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক। বিশেষ বিমানযোগে দুপৰীয়া ভাগত গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফুলৰ থোপা আৰু গামোছাৰে জনায় উস্ম আদৰণি।
এয়াৰপৰ্টত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু,যোগান মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ,ডিজিপি এছ এন সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা সহ কে’বাগৰাকী জ্যেষ্ঠ আমোলা ৷
গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে পোনে ভূটানী ৰজা গৰাকী ৰাওনা হয় নীলাচল পাহাৰলৈ ৷ কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰত ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক কামাখ্যা দেৱালয়ৰ বৰদলৈয় উষ্ম আদৰণি জনায় ৷ প্ৰায় আধা ঘণ্টা সময় কামাখ্যা মন্দিৰত কটায় ভূটানৰ ৰজাই । মন্দিৰ দৰ্শন কৰি পৰিক্ৰমা কৰে ৰজা ৱাংগচুয়ে।
উল্লেখ্য প্ৰথম বাৰৰ বাবে অসমলৈ আহি কামাখ্যা দৰ্শন কৰে ভূটানী ৰজা গৰাকীয়ে। আনহাতে কামাখ্যা দেৱালয়ৰ ফালৰ পৰা ৰজাক উপহাৰ হিচাপে দিয়া হয় কামাখ্যা মন্দিৰৰ আৰ্হিৰ প্ৰতীক আৰু অংগবস্ত্ৰ ।
ইয়াৰ পূৰ্বে মন্দিৰত উপস্থিত হোৱা ৰজা গৰাকীক পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফুলাম গামোচাৰে আদৰণি জনায় আৰু ৰজা গৰাকীক মন্দিৰ দৰ্শনত সংগ দিয়ে ৷ তাৰ পাছত ভূটানী নৃপতি গৰাকী ৰাওনা হয় ৰেডিশ্বন ব্ল’লৈ ৷ ইয়াত দুপৰীয়া আহাৰ গ্ৰহণ কৰি কিছু সময় জিৰণি লৈ সন্ধিয়া অসম প্ৰশাসনীয় মহাবিদ্যালয় কলেজ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ বিশেষ আদৰণি অনুষ্ঠানত অংশ লোৱাৰ লগতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ স’তে এক বৈঠকত অংশ ল’ব ৷
ইপিনে শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যেৰে ভাৰতৰ চুবুৰীয়া দেশ ভূটানৰ পঞ্চমজন ৰজা জিগমে খেছাৰ ন্যামগাল ৱাংচুক উপস্থিত হ’ব কাজিৰঙাত ৷
শনিবাৰ আৰু দেওবাৰ দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হৈ ৰজা আৰু তেওঁৰ লগত অহা ভূটান চৰকাৰৰ জ্যেষ্ঠ আমোলাবৰ্গই ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কালত যাতে কোনো ক্ৰুটি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে গোলাঘাট,নগাঁও আৰু কাৰ্বি আংলং জিলা প্ৰসাসনে ৷
ইপিনে বোকাখাতৰ পৰা কাজিৰঙালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গাতবোৰ মেৰামতি কৰাৰ লগতে যান-বাহন আৰক্ষীয়ে কেতবোৰ পথ নিৰ্দেশনা দিছে ৷