Book Release In Guwahati:ইণ্টাৰনেটৰ আগ্ৰাসনত হ্ৰাস পাইছে পঢ়ুবৈৰ সংখ্যা,পঢ়ুবৈৰ অভাৱত লিখিবলৈ বাদ দিছে বহু লেখকে

সাতগাঁও লাচিত পুথিভঁৰালত লীলাধৰ দাসৰ "জীৱনৰ ইটো সিটো"উন্মোচন

book release

Book Release In Guwahati:

পবিত্ৰ শিশু দিৱসৰ দিনা সাতগাঁও লাচিত পুথিভঁৰালত আজি কবি সাহিত্যক লীলাধৰ দাসৰ গল্প সংকলন “জীৱনৰ ইটো সিটো”উন্মোচন কৰা হয় । সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন চন্দ্ৰ দাসৰ সভাপতিত্বত আজি বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গল্প সংকলন খন উন্মোচন কৰে কবি-সাংবাদিক মনোজ কুমাৰ ডেকাই ।

গ্ৰন্থ খন উন্মোচন কৰি সাংবাদিক গৰাকীয়ে তেওঁৰ ভাষণত কয়,ইণ্টাৰনেট তথা ডিজিটেল যুগত পঢ়ুবৈ সংখ্যা হ্ৰাস পাইছে । পঢ়ুবৈৰ অভাৱত বহু লেখকে লিখিবলৈ বাদ দিছে । অবশ্যে তাৰ মাজতে ভাল লেখকৰ সৃষ্টি হৈছে,উন্নত গ্ৰন্থ প্ৰকাশ হৈ আছে।

গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মানুহক সামাজিক আৰু বৌদ্ধিক ভাৱে আগুৱাই নিব লাগিব । গ্ৰন্থখনৰ প্ৰকাশক কনক দাসে আত ধৰা অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ তথা সু লেখক প্ৰফুল্ল বৰ্মন,বিশিষ্ট শিক্ষাবিদ দুলুমনি বৰঠাকুৰ,বৃহত্তৰ সাতগাঁও নাগৰিক সন্মিলনৰ সভাপতি অতুল চৌধুৰী,সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকা,শিক্ষাবিদ উপেন গোস্বামী,সমাজকৰ্মী প্ৰদীপ কলিতা উপস্থিত থাকে ।

Exit mobile version