Hagrama Mahilary Pressmeet In kokrajhar:বিপিএফে অকলেই নিৰ্বাচন খেলিব বিজেপিৰ সৈতে মিত্ৰতালৈ নাহে হাগ্ৰামা

hangama mahilary

Hagrama Mahilary Pressmeet In kokrajhar:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি দলে নিৰ্বাচনী কুজকাৱাজ অব্যাহত ৰাখি মিত্ৰ দল ইউপিপিএলৰ সমান্তৰালভাৱে বিপিএফৰ স’তেই মিত্ৰতা পাশত আবদ্ধ হোৱা ৰণনীতি প্ৰস্তুত কৰিছিল যদিও আজি কোকোৰাঝাৰত এক সংবাদমেল যোগে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰে বিজেপিৰে মিত্ৰতা নাকচ কৰি অকলেই নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ কথা সদৰি কৰে ৷

বিপিএফৰ কোকৰাঝাৰস্থ মুখ্য কাৰ্যালয়ত হাগ্ৰামাৰ এই স্পষ্টীকৰণে বিজেপিৰ আশাত এক প্ৰকাৰ চেঁচাপানী ঢালিলে ৷

মহিলাৰে দৃঢ়তাৰে স্পষ্ট কৰে যে, আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ উপৰিও দৰং-ওদালগুৰিৰ দুটা সমষ্টিতে প্ৰাৰ্থী দিব বিপিএফে আৰু দুয়োটা সমষ্টিতে দলটো বিজয়ী হ’ব ৷ বিপিএফ চিংগলে জন্ম হৈছে চিংগলেই আগুৱাই যাব বুলি তাৎপৰ্যপূৰ্ণ মন্ত কৰে ৷

সংবাদমেলত বিটিচিৰ প্ৰাক্তন চিইএম গৰাকীয়ে কয়, ৰাজ্যৰ শাসনত থকা বিজেপি আৰু ইউপিপিএলৰ বহুসংখ্যক নেতা-কৰ্মীয়ে বিপিএফত যোগদান কৰিবৰ বাবে তেওঁৰ স’তে যোগাযোগ অব্যাহত ৰাখিছে ৷ শীৰ্ঘেই দুই দলৰ বহু বিয়াগোম নেতা-কৰ্মীয়ে যোগ দিব বিপিএফত ৷ ইতিমধ্যে বিজেপিত খহনীয়া আৰম্ভ হৈছে মন্তব্য কৰি মহিলাৰীয়ে ৷

উল্লেখ্য যে, বিজেপিৰ কোকৰাঝাৰ জিলা প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰাজকুমাৰ ব্ৰহ্ম , চিৰাং জিলা বিজেপিৰ সম্পাদক স্বপন মাৰাণ্ডী , জিলা যুৱ মৰ্চা কাৰ্যালয় সম্পাদক নৱৰঞ্জন বৰ্মন , বিজেপিৰ মানস চেৰফাংৰ প্ৰাক্তন মণ্ডল সভাপতি দেৱজ্যোতি নমোদাস সহ বহু বিজেপি কৰ্মীয়ে বিপিএফৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যোগদান অনুষ্ঠানত হাগ্ৰামাৰ উপস্থিতিত বিপিএফত যোগদান কৰে ৷

Exit mobile version