Swasthya Sewa Utsav-2:২০ ৰ পৰা ২২ নৱেম্বৰলৈ সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব ‘স্বাস্থ্য সেৱা উৎসৱ-২

দেশৰ ভিতৰতে সর্বপ্রথম এই পদক্ষেপ লোৱা ৰাজ্য অসম

medical utsav

Swasthya Sewa Utsav-2:

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনাত ৰাজ্যত বিগত এপ্ৰিল মাহত ‘স্বাস্থ্য সেৱা উৎসৱ-১’ সফলতাৰে সম্পন্ন কৰা হৈছিল।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ২০ ৰ পৰা ২২ নৱেম্বৰলৈ ‘স্বাস্থ্য সেৱা উৎসৱ-২’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুণোৎসৱৰ আৰ্হিত চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহত গুণগত মানসম্পন্ন আৰু উৎকৃষ্টমানৰ স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে ‘স্বাস্থ্য সেৱা উৎসৱ’ অনুষ্ঠিত কৰা হৈছে। এই ‘স্বাস্থ্য সেৱা উৎসৱ-২’ সূচাৰুৰূপে আৰু ফলপ্ৰসূ কৰি তুলিবলৈ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে পূর্ণ প্রস্তুতি অব্যাহত ৰাখিছে।

ৰাজ্যৰ জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে প্ৰায় ১,২৬১ খন চৰকাৰী চিকিৎসালয় (২২ খন জিলা চিকিৎসালয়, ১৫ খন মহকুমা অসামৰিক চিকিৎসালয়, ২১৩ খন সামূহিক স্বাস্থ্য কেন্দ্র, ১,০১১ খন প্রাথমিক স্বাস্থ্য কেন্দ্র)ক সামৰি এই ‘স্বাস্থ্য সেৱা উৎসৱ-২’ অনুষ্ঠিত কৰা হ’ব।

এই ‘স্বাস্থ্য সেৱা উৎসৱত সামৰি লোৱা স্বাস্থ্য প্রতিষ্ঠানসমূহক স্ব-মূল্যায়ন আৰু বহিঃ মূল্যায়ন এই দুটা পৰ্যায়ত কৰা হ’ব। স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিক উন্নীত কৰাৰ বাবে স্ব-মূল্যায়নকাৰীৰ দ্বাৰা ইতিমধ্যে ‘স্বাস্থ্য সেৱা উৎসৱ-১ ত মূল্যায়ন সম্পন্ন কৰা হৈছে।

বহিঃ মূল্যায়ন পৰ্যায়ত দুগৰাকী মূল্যায়নকাৰী থাকিব য’ত এগৰাকী সাংসদ ,মাননীয় বিধায়ক,আই.এ.এছ বিষয়া,আই.পি.এছ. বিষয়া ,এ চি এছ বিষয়া আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ,চিকিৎসকসকল , চিকিৎসা মহাবিদ্যালয়ৰ আৰু স্নাতকোত্তৰৰ শিক্ষার্থী থাকিব।

Exit mobile version