Supreme Court has issued a notice to the city police against the bail of Bandana:নুনমাটি ডাবল মাৰ্ডাৰ কেছ

জামিনত থকা বন্দনা কলিতা পুনৰ জেললৈ ! উচ্চতম ন্যায়ালয়ত আবেদন মহানগৰ আৰক্ষীৰ

noonmati dubble murder case

Supreme Court has issued a notice to the city police against the bail of Bandana:

বহুচৰ্চিত মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা সহ আন দুই সহযোগী শেহতীয়াকৈ জামিনত মুকলি আকাশৰ তললৈ অহাৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছিল মহানগৰ আৰক্ষী ৷

আদালতে নিৰ্ধাৰিত কৰি দিয়া সময়ৰ ভিতৰত চাৰ্ছশ্বিট দাখিল নকৰাৰ বাবে অনায়াসে জামিন লাভ কৰিবলৈ সক্ষম হয় ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা সহ আন দুই সহযোগী ৷

গোচৰটোৰ সন্দৰ্ভত আচামীগণৰ তৰফৰ পৰা দিয়া ভূল তথ্যৰ ভিত্তিতে আদালতে জামিন দিয়ে বুলি মন্তব্য কৰিছে মহানগৰ আৰক্ষীয়ে

সচেতন মহলৰ তীব্ৰ সমালোচনা সন্মুখীন হৈ মহানগৰ আৰক্ষীয়ে বন্দনা কলিতাসহ ৩ অভিযুক্তৰ বিৰুদ্ধে যাবতীয় প্ৰমাণ লৈ কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ ৷ ন্যায়ালয়ে গোচৰটোৰ শুনানি সম্পন্ন হ’লেই বন্দনা সহ আন তিনি অভিযুক্ত ধনটি ডেকা আৰু অৰূপৰজামিন খাৰিজ হোৱাৰ সম্ভাৱনা আছে ৷ এনে প্ৰেক্ষাপটত পুনৰ জেললৈ যোৱাৰ সম্ভাৱনা আছে হত্যাকাণ্ডটোৰ তিনি অভিযুক্ত ৷

আনহাতে শংকৰী দে’আৰু অমৰজ্যোতি দে’ৰ সম্পত্তিৰ বাবে আদালতৰ দ্বাৰস্থ হৈছে পৰিয়ালৰ লোকে। একেদৰে অমৰজ্যোতি দে’ৰৰ ফ্লেটৰ চাবিৰ বাবেই আদালতত আবেদন জনাইছে অমৰজ্যোতি দে’ৰ আত্মীয়ই।

উল্লেখ্য যে, দেশ কপাই যোৱা নুনমাটিৰ মাতৃ- পুত্ৰৰ নৃশংস হত্যাকাণ্ডৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতে মাতৃ- পুত্ৰৰ নামত থকা সকলো সম্পত্তি ছীল কৰিছিল আৰক্ষীয়ে ৷

মঙলবাৰে অমৰজ্যোতি দে’আৰু শংকৰী দে’ৰ হত্যাৰ মুল অভিযুক্ত বন্দনা কলিতা নিয়মীয়া সাক্ষীৰ বাবে উপস্থিত হয় কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত

Exit mobile version