App Assam Pressmeet:ৰাজ্যত এতিয়া গণতন্ত্র নাই, ৰাজতন্ত্র চলিছে : আপ

দেশৰ সংবিধানে নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ খৰ্ব কৰিছে অসম চৰকাৰে : জিতুল ডেকা

aap assam pressmeet

App Assam Pressmeet:

হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন দেউলীয়া বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজৰ ওপৰত পুনৰ কৰৰ বোজা জাপি দি মাধমাৰ শোধাবলৈ ওলোৱা কাৰ্যৰ তীব্র প্রতিবাদ কৰিছে আম আদমি পার্টিয়ে

এই সন্দর্ভত আজি আয়োজন কৰা এখন সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – জনসাধাৰণক হতবাক কৰি চৰকাৰখনে ৰাজ্যত নিতৌ কৰ সংগ্ৰহৰ নতুন নতুন ফর্মূলা, পেটার্ন’ আৱিষ্কাৰ কৰাত নামি পৰিছে। ৰাজ্যত এতিয়া গণতন্ত্র নাই ৰাজতন্ত্র চলিছে।

তাহানিৰ ৰজা মহাৰজাই কৰ-কাটল সংগ্ৰহ কৰিবলৈ সৈন্য, চিপাহী-চন্তৰি নমাই দিছিল। সেই একে ফর্মূলাৰ এতিয়া অসমত পুনৰাবৃত্তি ঘটিছে। শান্তিৰ ৰক্ষক, আইন-শৃংখলাৰ ৰক্ষক আৰক্ষীয়ে এতিয়া দেউলীয়া চৰকাৰৰ বাবে কৰ সংগ্ৰহ কৰিব লাগিব। দেশৰ সংবিধানৰ ১৯ নং অনুচ্ছেদত ধাৰ্য কৰা নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে অসম চৰকাৰৰ নতুন কৰৰ নিৰ্দেশটোৱে।

Commercial building নিৰ্মাণ কৰিলে পুলিচৰ NOC ৰ প্ৰয়োজন কত ? ধাৰ লৈ বিহু নৃত্য, অমৃত কলহ আদি কাৰ্যসূচী ৰূপায়ন কৰা চৰকাৰ খনৰ এনে অৱস্থা হৈছে যে এতিয়া ৰাইজে বিহু, খেল, সাংস্কৃতিক শোভাযাত্রা, সভা-সমিতি, প্রদর্শণী আয়োজন কৰিলেও চৰকাৰক দিব লাগিব কৰ।

কৰৰ বোজা জাপি দিয়া উৎপাদন বিমুখ দেউলীয়া চৰকাৰ খনে ইতিমধ্যে ভূমিকৰ, সম্পত্তি কৰ, যান-বাহন কৰ জাপি দি ৰাইজক টেতু চেপি ধৰিছে। এতিয়া নতুনকৈ আৰক্ষীৰ দ্বাৰা পুনৰ যি সমূহ শিতানত কৰ সংগ্ৰহ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে সেয়া চৰম অগণতান্ত্ৰিক আৰু ৰাজতন্ত্ৰৰ বহি:প্রকাশ।

কিয়নো এতিয়া গুৱাহাটীত সৰু সুৰা ব্যৱসায় কৰি কোনো নিবনুৱা স্বাৱলম্বী হব বিচাৰিলেও ব্যৱসায়ৰ মূলধনৰ সৈতে আৰক্ষীক দিবলৈ পঞ্চাছ হাজাৰ টকা অতিৰিক্ত বোজা লব লাগিব।

আনহাতে এজন নিবনুৱাই ব্যক্তিগত প্রতিষ্ঠানত আঠ দহ হাজাৰ টকাৰ এটা কাম কৰাৰ বাবে ভেৰিফিকেচন কৰিবলৈ আৰক্ষীক দিব লাগিব তিনিশ টকা। তাতোকৈ ডাঙৰ কথা যে এতিয়া গাঁৱে- ভুঞে যুৱকসকলে খেল অনুষ্ঠিত কৰিবলৈও ভৰিব লাগিব দুই হাজাৰ টকা।

মুঠতে এই চৰকাৰৰ দিনত ঘৰৰ পৰা বাহিৰ ওলাই আহিলেই ভৰিব লাগিব কৰ। আমি দেখি আহিছোঁ যে যি কোনোধৰণৰ জন সমাগম হোৱা সভা সমিতি, অনুষ্ঠান আয়োজন কৰোতে আইন শৃংখলা ৰক্ষাৰ বাবে প্ৰশাসনে কিছু নীতি নিয়মৰ মাজেৰে অনুমতি প্রদান কৰি আহিছে।

কিন্তু এতিয়া সেই একে কামৰ বাবে টকাৰ প্ৰয়োজন কিয় বুলি সংবাদ মেলত আপ নেতা জিতুল ডেকাই প্রশ্ন তোলে। চৰকাৰৰ এনে জনবিৰোধী কার্য তথা শোষণ নীতিৰ বিৰুদ্ধে গণতন্ত্রত বিশ্বাসী প্ৰতি গৰাকী ব্যক্তি, অনুষ্ঠানক এই কৰ ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

আজিৰ সংবাদ মেলত আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা আৰু যুটীয়া সম্পাদক অম্লান জ্যোতি হাতী বৰুৱাও উপস্থিত থাকে।

Exit mobile version