Rash Mahotsav In Tezpur:তেজপুৰৰ মিলন বাকৰিত উদুলিমুদুলি পৰিৱেশঃৰাসৰ মহাৰজত জয়ন্তী

rash

Rash Mahotsav In Tezpur:

তেজপুৰৰ এখন পুৰণা ৰাসথলিত এতিয়া ব্যাপক ব্যস্ততা ৷ তেজপুৰৰ এইখন ৰাস ৰাইজৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৷ তাতে এইবাৰ এইখন ৰাসৰ মহাৰজত জয়ন্তী ৷

সেয়ে উদুলি মুদুলি মিলনপুৰ অঞ্চলত ৷ মিলন বাকৰিত কাইলৈৰ পৰা ২৭ নবেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী সমাৰোহ ।

এই সমাৰোহত মূল ৰাস ভাওনাৰ লগতে প্ৰায় শতাধিক কলা কুশলী আৰু তথা কুশীলৱক সামৰি প্ৰদৰ্শিত হ’ব আকৰ্ষণীয় নৃত্য নাটিকা “কথামৃত”। স্হানীয় সংগীত আৰু মুখা শিল্পী ময়ূৰ কাঞ্চন বৰা ৰচিত আৰু সামগ্ৰীক পৰিচালিত আৰু সংগীত শিল্পী প্ৰাঞ্জল শইকীয়া সংগীত পৰিচালিত নৃত্য নাটিকাখনত শিশু কৃষ্ণৰ পৰা আৰম্ভ কৰি কৃষ্ণৰ প্ৰায় সমূহ লীলা দশাৱতাৰৰ পৰা সাগৰ মন্হনলৈকে আধুনিক কলা – কৌশলেৰে প্ৰদৰ্শন কৰোৱাবলৈ স্হানীয় সংগীত, আলোক আৰু কাৰিকৰী শিল্পী সকল ব্যস্ত হৈ পৰাৰ মাজতে মংগলবাৰে নিশা আখৰাৰ চূড়ান্ত ৰূপ দিবলৈ ব্যস্ত হৈ পৰে ৷

উল্লেখ্য যে এই আকৰ্ষণীয় নৃত্য নাটিকাখনৰ বিভিন্ন চৰিত্ৰত স্হানীয় আটাইকেইখন চুবুৰিৰ প্ৰায় দুকুৰি শিশু, কিশোৰ – কিশোৰী আৰু যুৱক – যুৱতীয়ে অংশ গ্ৰহণ কৰিব। একেদৰে বিভিন্ন বাদ্য যন্ত্ৰী শিল্পী, আলোক শিল্পী আৰু কাৰিকৰী শিল্পীসহ শতাধিক স্হানীয় শিল্পীয়ে দিনে নিশাই শ্ৰম কৰি দৰ্শকৰ উপভোগ্য কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে সহকাৰী পৰিচালক যুযুৎসু ভূঞা আৰু সহকাৰী সংগীত পৰিচালক নয়নমনি শইকীয়া আৰু সুদক্ষ নৃত্যশিল্পী ঈৰাণী মহন্তৰ জৰিয়তে।

যোৱা নিশাৰ এই আখৰাৰ মাজতে নৃত্য নাটিকাখনৰ স্ৰষ্টা আৰু পৰিচালক ময়ূৰ কাঞ্চন বৰাই ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে ৷

আনহাতে মূল ৰাস ভাওনাৰ বাবেও চুবুৰিয়ে চুবুৰিয়ে নামঘৰ সমূহত আখৰা সম্পন্ন কৰাৰ পিছত মংগলবাৰৰ পৰা মূল নাট “কেলি গোপাল” ৰো মূল মণ্ডপত চূড়ান্ত পৰ্যায়ৰ আখৰা চলিছে ৷

Exit mobile version