Elon Musk:গাজা-ইজৰাইলৰ চিকিৎসালয়ক বৃহৎ অনুদান ঘোষণা এলন মাস্কৰ

elon musk 1

Elon Musk:

যুদ্ধবিধ্বস্ত গাজাৰ কাষত থিয় দিলে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে। আমেৰিকাৰ এইজন ধনকুবেৰে ঘোষণা কৰা অনুসৰি, তেওঁৰ মালিকানাধীন সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে লাভ কৰা বিজ্ঞাপনৰ ৰাজহৰ এক অংশ গাজা আৰু ইজৰাইলৰ চিকিৎসালয়ৰ বাবে দান কৰা হ’ব।

‘এক্স’ত মাস্কে এইদৰে লিখিলে, ‘এক্স কর্পে প্রতিষ্ঠানটোৰ বিজ্ঞাপন আৰু ছাবস্ক্রিপচনৰ বাবদ লাভ কৰা সকলো ধন গাজাৰ যুদ্ধ আৰু ইজৰাইলৰ হাস্পতাল আৰু গাজাৰ ৰেডক্ৰছক দান কৰিব।’

উল্লেখ্য যে অবশেষত বুধবাৰে বহু প্রতীক্ষিত যুদ্ধবিৰতিৰ ঘোষণা কৰা হ’ল গাজাত। আজি পুৱাতে ইজৰাইলৰ কেবিনেটে ভোটৰ জৰিয়তে সিদ্ধান্ত গ্রহণ কৰে যে ৫০ জন পণবন্দীক মুক্তি দিয়াৰ হামাছৰ প্ৰস্তাৱ মানি লৈ চাৰিদিনৰ যুদ্ধবিৰতি ঘোষণা কৰা হ’ব।

Exit mobile version