Robbery Took Place in Athagaon in The Guwahati:মহানগৰীৰ আঠগাঁৱত ধন লুটৰ চাঞ্চল্যকৰ ঘটনা

বাইকত অহা দুৰ্বৃত্তই এজন লোকৰ পৰা থপিয়াই নিলে পাঁচ লাখ টকা

rubbury

Robbery Took Place in Athagaon in The Guwahati:

স্মাট আৰক্ষীক চেলেন্স দি মহানগৰীত অপৰাধীয়ে নিবিঘ্নে অব্যাহত ধন লুটৰ ঘটনা ৷ইটোৰ পাছত সিটোকৈ ধন লুটৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা দুৰ্বৃত্তকাৰীক

শুক্ৰবাৰে মহানগৰীৰ সদাব্যস্ত আঠগাঁৱত পুনৰ সংঘটিত হয় চাঞ্চল্যকৰ ধন লুটৰ ঘটনা ৷ বাইকত অহা দুৰ্বৃত্তই এজন ব্যৱসায়ীৰ পৰা ৰাজপথতে থপিয়াই নিয়ে টকাভৰ্তি বেগ ৷

প্ৰাপ্ত খবৰ অনুসৰি মাছখোৱাৰ যশ শৰ্মা নামৰ ঔষধৰ পাইকাৰী ব্যৱসায়ী এজনে নিজৰ দুচকীয়া হোণ্ড বাহনখনৰে বাসগৃহৰ পৰা আঠগাঁৱৰ নিজ কাৰ্যালয়লৈ গৈ থকা পথত আদাবাটতে তেওঁক খুন্দিয়াই এখন একটিভা স্কুটীয়ে ৷

ফলত তেওঁ পৰি যোৱাত ততাতৈয়াকৈ একটিভা স্কুটী খনৰ এজন আৰোহী নামি আহি তেওঁক উঠাই দিয়াৰ চলেৰে লগত থকা পাঁচ লাখ টকা ভৰ্তি বেগটো লৈ মুহুততে উধাও হয় ৷

এই কথা উল্লেখ কৰে ভুক্তভোগী যশ শৰ্মাই ৷ ইতিমধ্যে তেওঁ ধন লুট কৰা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে ৷

এই খিনিতে প্ৰশ্ন হয় মহানগৰীত দপদপাই থকা অপৰাধীৰ বিৰুদ্ধে স্মাৰ্ট আৰক্ষী কঠোৰ হ’ব কেতিয়া ৷

Exit mobile version