Kidnapped Incident In Cachar:কাছাৰত শিলৰ কোৱেৰীৰ পৰা অপহৰণ তিনি চালকৰ

kacher quari

Kidnapped Incident In Cachar:

কাছাৰত শিলৰ কোৱেৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড ৷ সন্দেহযুক্ত বন্দুকধাৰীয়ে অপহৰণ কৰি নিলে কোৱাৰিত নিয়োজিত তিনিজনকৈ চালকক ৷

উল্লেখ্য যে, কাছাৰ – ডিমা হাচাওৰ সীমান্তৱৰ্তী জয়পুৰ আয়নাছড়া শিলৰ কোৱেৰীত সংঘটিত এই অপহৰণ কাণ্ডৰ পাছতে তৎপৰ হৈ পৰে আৰক্ষী ৷

প্ৰাপ্ত খবৰ অনুসৰি ,আয়নাছড়া শিলৰ কোৱেৰীত প্ৰৱেশ কৰি অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পাছত এজন ডাম্পাৰ চালক আৰু দুজন এক্সকেভেটৰ চালকক অপহৰণ কৰে বন্দুকধাৰী দুৰ্বৃত্তৰ দলটোৱে ৷ অপহ্ত দুজনৰ ঘৰ উদাৰবন্দত আৰু এজনৰ ঘৰ কোৱাৰিৰ নিকটৱৰ্তী অঞ্চলত ।

এই চাঞ্চল্যকৰ অপহৰণৰ ঘটনাৰ পাছতে সমগ্ৰ আয়নাছড়াত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্যে আৰক্ষীয়ে অপহ্ত চালক কেইজনৰ সন্ধানত মাৰাথন অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version