Famous Nagaon Artist Ajit Sarma Passes Away:নগাৱঁৰ প্ৰখ্যাত শিল্পী অজিত শৰ্মাৰ দেহাৱসান

ajit sarma

Famous Nagaon Artist Ajit Sarma Passes Away:

নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও নিবাসী বিশিষ্ট শিল্পী অজিত শৰ্মাৰ সোমবাৰে পুৱা ৬৩ বছৰ বয়সত মৃত্যু হয় । কেইবাদিন ধৰি অসুস্থ হৈ থকা অজিত শৰ্মা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সোমবাৰে পুৱা ।

এগৰাকী জনপ্ৰিয় ঢুলীয়া হিচাপে সমগ্ৰ ৰাজ্যত পৰিচিত আছিল অজিত শৰ্মা ৷ তেওঁ একেধাৰে মঞ্চ অভিনেতাও আছিল ৷ নগাঁৱৰ অন্যতম বীনাপানী নাট্য সমিতিৰ  বহু কেইখন মঞ্চ সফল নাটত অভিনয় কৰি সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷

অসম আন্দোলনৰ অক্লান্ত কৰ্মী শৰ্মা অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ সদস্য কৰ্মকৰ্তা আছিল ৷ তেওঁ বিহু সুৰক্ষা সমিতিৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

প্ৰখ্যাত ঢুলীয়া গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে নগাঁৱত ৷ তেওঁৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা,প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা,হয়বৰগাঁও বীণাপানী নাট্য সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,বিহু সুৰক্ষা সমিতিৰ নগাঁও জিলা সমিতি,এইছ চি দাস মেমৰিয়েল ফাউণ্ডেচন,ব্ৰক্ষ্মপুত্ৰ ফাউণ্ডেচন সহ বহু কেইটা অনুষ্ঠান – প্ৰতিষ্ঠানে গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ৷
প্ৰয়াত শিল্পী গৰাকীয়ে মৃত্যুৰ সময়ত ইহসংসাৰত এৰি থৈ যায় পত্নী,পুত্ৰ- কন্যা সহ পৰিয়ালবৰ্গ ৷

Exit mobile version