Today Horoscope: দিনটোৰ ৰাশিফল
মেষ: ব্যবসায়ীসকল লাভৱান হ’ব। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। শিক্ষক, উকিল আদিৰ মধ্যম। ভ্ৰমণত সাৱধান হওক। প্রেমত শুভ সংযোগ।
বৃষ: আৰ্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব। নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব। অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব। দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা।
মিথুন: ওচৰ-চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কর্মক্ষেত্রত আর্থিক লেন- দেনত সাৱধান। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ।
কর্কট: কর্মক্ষেত্রত কিছু বাধাৰ কাৰকতা। অংশীদাৰী কৰ্মত মিশ্রিত ফল লাভ কৰিব। বিবাহৰ যোগাযোগত শুভ। ভ্রমণত অর্থহানিৰ যোগ।
সিংহ: ব্যৱসায়ত আয় বৃদ্ধি পাব। ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি। বন্ধুৰ পৰা সতর্ক হ’ব। দাম্পত্যত শুভ। কর্মসূত্রে ভ্রমণ যোগ।
কন্যা: খৰচৰ ক্ষেত্রত সতর্ক থাকিব। নিবনুৱাৰ বাবে মধ্যম দিন। মাতা- পিতাৰ স্বাস্থ্য ভাল নাযাব। প্রেমত নতুন সমস্যা দেখা দিব পাৰে।
তুলা: উচ্চ-শিক্ষার্থীৰ বাবে শুভ সংযোগ। দেহ কষ্টৰ উপশম পাব। প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা। প্রেমত শুভ।
বৃশ্চিক: নিবনুৱা ব্যক্তিৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব পাৰে। আর্থিক দিশত শুভ। দাম্পত্য জীৱন মধ্যমীয়া। বিদ্যাত জটিলতা কম।
ধনু: পাৰিবাৰিক দিশত চিন্তা থাকিব। নতুন সম্পদ ক্ৰয় কৰিব পাৰে। ঊর্ধ্বতন কর্তৃপক্ষৰ লগত মতানৈত্য হ’ব পাৰে। প্ৰেমত মতবিৰোধ।
মকৰ : ওচৰ-চুবুৰীয়াৰ লগত মানসিক সংঘাত। ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব। প্রেমত মধ্যম। বিবাহৰ যোগাযোগত শুভ।
কুম্ভ: পুৱাৰ ভাগত অনুকূল। সৰু-সুৰা সমস্যাত বিব্রত বোধ কৰিব। আর্থিকতা বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত।
মীন: মানসিক চাপ বৃদ্ধি পাব। বিদ্যাত যত্ন লওক। শৰীৰ সম্পৰ্কীয় কথাত সাবধান হোৱা উচিত। শিল্প-সাংস্কৃতিকত সুনাম।