Jorabat Accident: যোৰাবাটত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই মৃতদেহ কঢ়িওৱা বাহন পৰিল ১০০ ফুট দ-খাৱৈত, গাড়ী খনৰ চালক সহ পাঁচ আৰোহী গুৰুত্বৰভাৱে আহত

jorabat accident

Jorabat Accident:

গুৱাহাটীৰ পাশ্বৱৰ্তী যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মৃতদেহ কঢ়িওৱা বাহন এখন নিয়ন্ত্ৰণ হেৰুৱাই পৰে ১০০ ফুট দ-খাৱৈত ৷ ফলত বাহন খনৰ চালক সহ ছয় আৰোহী গুৰুত্বৰভাৱে আহত হয় ৷ বাহন খনত আছিল এটি মৃতদেহ ৷ আহত আটাইকে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত ৷

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় তেৰ মাইল অঞ্চলত ৷ বাহন খনে কঢ়িয়াই অনা মৃতদেহটো বহু সময় ধৰি ঘটনাস্থলীতে পৰি ৰয় ৷

উল্লেখ্য যে, বাহন খন গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ আছিল ৷ আনহাতে বাহন খন তললৈ বাগৰি পৰাৰ ফলত তলত কাম কৰি থকা তিনিজন শ্ৰমিকো গুৰুত্বৰভাৱে আহত হয় ৷ তেওঁলোক তিনিওজনকো ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷

Exit mobile version