Nagaon Encounter : নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী,অপৰাধীটোৰ পৰা জব্দ গুলীসহ পিষ্টল

docoit

Nagaon Encounter :

নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবৃদ্ধ কুখ্যাত ডকাইত ওমৰ ফাৰুক । দুয়োটা ভৰিত গুলী লগা ফাৰুকক নগাঁও মেডিকেল কলেজ হাস্পতালতভৰ্তি কৰোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

যোৱা নিশা আৰক্ষীৰ এক অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে। এই ঘটনা সংঘটিত হয় ৰূপহীহাটৰ বেলগুৰিত নিশা ২.৪০ বজাত ৷

আৰক্ষীয়ে ডকাইতটোৰ পৰা জব্দ কৰে এটা পিষ্টল সহ দুই ৰাউণ্ড সক্ৰিয় গুলী ৷ উল্লেখ্য যে,বহুকেইটা অপৰাধজনিত ঘটনাত জড়িত আছিল ওমৰ। ইতিমধ্যে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

আনহাতে আজি পুৱা জিএম চি এইছত ভৰ্তি কৰোৱা ওমৰ ফাৰুকৰ দুয়োখন ভৰিত গুলী লগাত আঘাত গুৰুত্বৰ হোৱাত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব বুলি সদৰি কৰে জিএম চি এইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷ অৱশ্যে ওমৰ ফাৰুক বৰ্তমান সংকটমুক্ত ৷

Exit mobile version