Lot Of Information Collected Against Corrupt Sukanya Bora:কাৰ পৃষ্ঠপোষকতাত উচ্চ পদ লাভ কৰিছিল দুর্নীতিগ্রস্ত সুকন্যা বৰাই

তদন্তত সহযোগিতা কৰা নাই, পিতৃৰ নামত ৰাখিছিল নিজৰ সম্পত্তি

sukonya bora

Lot Of Information Collected Against Corrupt Sukanya Bora:

ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ উন্নয়ন পুঁজিৰ ধন আত্মসাতত অভিযুক্ত কামৰূপ মহানগৰৰ নিলম্বিত অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে কুকীর্তি উন্মোচিত হৈছে।

সাংসদ পুঁজি ব্যয়ৰ তদন্তৰ সময়তে পোহৰলৈ আহিছে তেনে কীর্তিৰ তথ্য অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ কলংকিত নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ আমোলত ২০১৫ ত অসম অসামৰিক সেৱা (এচিএছ)ৰ বিষয়া হিচাপে নির্বাচিত হোৱাৰ পাছতে লুণ্ঠনকে যেন মূল মন্ত্ৰ কৰি লৈছিল এইগৰাকী বিষয়াই।

উত্থাপিত অভিযোগ অনুসৰি বিশেষ যাদুদণ্ডৰে ৰাজ্য চৰকাৰৰ শীৰ্ষ প্রশাসনীয় একাংশ বিষয়াক মেনেজ কৰি নিযুক্তি লাভৰ পাছৰে পৰা গুৱাহাটীৰ ওচৰে-পাজৰে চাকৰিৰ সাত বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় সুকন্যা বৰাই

কেৱল এয়াই নহয়, য’তেই চাকৰি কৰিছে তাতেই যেন দুর্নীতিৰ খুঁটি পুতি বহিছিল আৰু তাৰ ফলতে অতি কম দিনৰ ভিতৰত আহৰণ কৰিবলৈ সক্ষম হয় পর্বতসম ধন-সম্পত্তি। আয়তকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত মুখ্যমন্ত্রী তদাৰকী শাখাই এইগৰাকী বিষয়াৰ বিৰুদ্ধে অব্যাহত ৰখা অনুসন্ধানত পোহৰলৈ আহিছে এনে তথ্য।

সূত্ৰত প্ৰকাশ যে বৰাৰ সম্পত্তিৰ তালিকা এই পর্যন্ত চূড়ান্ত হোৱা নাই। তদন্তত নিলম্বিত বিষয়াগৰাকীয়ে প্রয়োজনীয় সহযোগিতা নকৰাৰ বাবেই এনে হৈছে। আনকি তদন্তকাৰী দলে পাৰপত্ৰ জমা কৰিবলৈ দিয়া নির্দেশো বৰাই বাৰম্বাৰ উপেক্ষা কৰে। ফলত বাধ্য হৈ তদাৰকী শাখাই নিজেই গুৱাহাটীস্থ পাৰপত্ৰৰ কাৰ্যালয়ৰ পৰা সেই তথ্য সংগ্রহ ‘কৰে।

একেদৰে সম্পত্তিৰ ক্ষেত্ৰতো অত্যন্ত গোপনীয়তা অবলম্বনৰ চেষ্টা কৰি আহিছে। বৃহস্পতিবাৰে মহানগৰীৰ ছয়মাইলৰ জয়ানগৰত থকা এটা অতি বিলাসী টেন্ট হাউছত তদাৰকী শাখাৰ দলে অভিযান চলাইছিল। এই খবৰো পলমকৈহে শাখাটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মহানগৰীৰ হাতীগাঁৱতো বৰাৰ আন এক স্থাৱৰ সম্পত্তি থকাৰ তথ্য তদন্তকাৰী দলে লাভ কৰিছে। মাথোঁ সাত বছৰতে সম্পদ আহৰণৰ মাৰাথন দৌৰত অৱতীৰ্ণ হোৱা বৰাই পিতৃৰ নামত বহু সম্পত্তি ৰখাৰ তথ্য উদ্ধাৰ হৈছে। সূত্ৰত প্রকাশ যে প্ৰশাসনৰ বহু শীর্ষ মহলৰ লগত বিশেষ ৰহস্যজনক কাৰণত সুকন্যা বৰাৰ ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠিছিল।

তাৰফলতে জ্যেষ্ঠ বিষয়াকো চেৰ পেলাই পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল। উদাহৰণস্বৰূপে বৰাই কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত উন্নয়ন আয়ুক্তৰূপেও কার্যনির্বাহ কৰিছিল। এই পদত যুটীয়া সচিব পৰ্যায়ৰ বিষয়াইহে কাৰ্যনিৰ্বাহ কৰিব পাৰে। অথচ তেনে পৰ্যায়ৰ বিষয়া থকা সত্ত্বেও বৰাই বিশেষ প্ৰভাৱৰে উক্ত পদত কার্যনির্বাহ কৰিছিল।

একেদৰে মৰিগাঁৱত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নলবাৰীলৈ বদলি কৰাত সেই বদলি তেওঁ স্থগিত ৰাখিবলৈ সক্ষম হৈছিল বুলি আজিও চর্চা অব্যাহত আছে। মুঠৰ ওপৰত নামে-বেনামে অগাধ সম্পত্তি আহৰণ কৰা সুকন্যা বৰাৰ আৰু বহু তথ্য আহৰণৰ বাবে তদন্তকাৰী বিষয়াই অব্যাহত ৰাখিছে তদন্ত ৷

Exit mobile version