Social Worker- Poet Jayanti Bora Received Swarnalata Memorial Award:
অসম শিল্পী কানন “ৰ উদ্যোগত আৰু শিল্পপ্রাণ ৰাইজৰ সহযোগত নগাঁৱৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত ২২,২৩ আৰু ২৪ ডিচেম্বৰত অনুষ্ঠিত উদযাপিত হ’ব “কেন্দ্রীয় ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ ৷
এই বৃহৎ সাংস্কৃতিক সমাৰোহতে অসম শিল্পী কাননে নগাঁৱৰ বিশিষ্টা সমাজকৰ্মী – কবি জয়ন্তী বৰালৈ চলিতবৰ্ষৰ বাবে আগবঢ়োৱা হৈছে ‘স্বৰ্ণলতা সোঁৱৰণী বঁটা’ ৷
উল্লেখ্য যে,নগাঁও চহৰৰ আমোলাপট্টি নিবাসী জয়ন্তী বৰা সামাজিক,সাংস্কৃতিক আৰু সমাজহিতকৰ কামৰ সৈতে ওতপ্ৰোত:ভাৱে জয়িত থকাৰ লগতে কবিতা পুথি ‘ৰামধেনু দেশৰ ছোৱালীজনী,কবিতা মোৰ বুকুৰ সুবাদ,ছান্দিনী জৰীৰ সুগন্ধি,শিশু গল্প ‘ইৰিকটি মিৰিকটি চৰাই -চিৰিকটি,দুকুলী আইতাৰ কাহিনী আদি কেইবাখনো গ্ৰন্থ ৰছনা কৰি সাহিত্যানুগীৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷
জনপ্ৰিয় শিশু সাহিত্যিক গৰাকী অসম সাহিত্য সভা আৰু অসম কবি সন্মিলনৰ আজীৱন সদস্য ৰূপে জড়িত ৷ সকলোৰে মাজত জনপ্ৰিয় বৰাৰ এই কৃতিত্বত সাহিত্যানুৰাগী মহলে শুভেচ্ছা জনাইছে ৷