Terrible Road Accidents In Borpothar:কাৰ্বি আংলঙৰ হলৌখোৱাত ভয়ংকৰ পথ দুর্ঘটনা

থাৰ আৰু জিপটী বাহনৰ মুখামুখি সংঘৰ্ষত, এগৰাকী মহিলাসহ ৪জনৰ কৰুণ মৃত্যু, নিহত লোক কেইজন নগালেণ্ডৰ বাসিন্দা

borpothar accident

Terrible Road Accidents In Borpothar:

সোমবাৰে কাহিলীপুৱাত কাৰ্বি আংলঙৰ ধনশিৰিৰ হলৌখোৱাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত এগৰাকী মহিলাসহ ৪জনৰ কৰুণ মৃত্যু ঘটে ৷

আনহাতে শোকাৱহ পথ দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হয় আন চাৰিজন  ৷ আহত সকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় বোকাজান চিকিৎসালয়লৈ ৷

নিহত লোক কেইজন দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত থাৰ খনৰ আৰোহী আছিল ৷ মৃত লোক কেইজন হ’ল এন লাংফং কন্যাক আৰু ন্যাপা,নিয়াংমেই বি কন্যাক আৰু ন্যামছান ৷ আটাইয়ে চুবুৰীয়া নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ৷

উল্লেখ্য যে, বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখোৱাত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাটোত দুৰ্ঘটনাগ্ৰস্ত থাৰ খনৰ নম্বৰ এএছ ০১ এফজে ৪১১৪ বিপৰীতে আনখন গোলাঘাট অভিমুখী জিপচী বাহন খনৰ নম্বৰ এনএল ০৪ চি ৩৮০১ ৷

Exit mobile version