Assam State Zoo:দৰ্শনাৰ্থীৰ ভিৰৰ সময়ত চলিছে নির্মাণ কার্য

বন্ধ কৰি ৰখা হৈছে ৰাষ্ট্ৰীয় পক্ষী ম'ৰা চৰাই গৃহ, অসুৰক্ষিতভাবে কণ কণ শিশুৱে দেৱালত উঠি জুমি চাবলগীয়া হৈছে, বিশৃংখল পৰিবেশত অভিভাৱকে ক্ষোভ উজাৰিলে

state zoo1

Assam State Zoo:

বছৰৰ শেষ আৰু প্ৰথম মাহ দুটা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে এক ভৰপক সময়। বনভোজৰ সমান্তৰালভাৱে এই সময়ছোৱাত বিশেষকৈ গুৱাহাটী মহানগৰীলৈ দৈনিক হেজাৰ হেজাৰ পৰ্যটকৰ আগমন ঘটে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।

ইংৰাজী বৰ্ষ শেষ হ’বলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি দেওবাৰ উপলক্ষে মহানগৰীৰ পৰ্যটনস্থলীসমূহত ব্যাপক সমাগমৰ সৃষ্টি হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, আঞ্চলিক বিজ্ঞান কেন্দ্র, অসম ৰাজ্যিক সংগ্ৰহালয়, তাৰকাগৃহ আদিত ভৰি পৰা বিদেশী, বহিঃৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ পৰ্যটকৰ ভিতৰত গৰিষ্ঠ সংখ্যকেই বিদ্যালয়ৰ ছাত্র-ছাত্রী তথা কিশোৰ-কিশোৰী।

উল্লিখিত স্থানসমূহৰ ভিতৰত কিশোৰ-কিশোৰীসকলৰ অন্যতম পছন্দৰ স্থান হ’ল অসম ৰাজ্যিক চিবিয়াখানা। আজিও ৰাজ্যিক চিৰিয়াখানালৈ কে’বা হেজাৰ লোকৰ আগমন ঘটে। বিভাগীয় তথ্য অনুসৰি, কালি দেওবাৰৰ দিনটোত ৰাজ্যিক চিৰিয়াখানালৈ অহা মুঠ পর্যটকৰ সংখ্যা হ’ল ৭,৮৫২ জন।

এইসকলৰ ভিতৰত গবিষ্ঠ সংখ্যকে বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু পিতৃ- মাতৃৰ লগত অহা কণ কণ শিশু; কিন্তু এই শিশু তথা ছাত্র-ছাত্রীসকলে মনত যি উদ্দেশ্য তথা উছাহ লৈ ৰাজ্যিক চিৰিয়াখানালৈ আহে, সেয়া পূৰণ কৰাত চূড়ান্ত ব্যর্থ হৈছে চিবিয়াখানা কর্তৃপক্ষ।

উল্লেখ্য যে শিশু বা ছাত্র-ছাত্রীসকলে তেওঁলোকে কিতাপত পঢ়িবলৈ পোৱা বাষ্ট্রীয় পক্ষী, ৰাষ্ট্রীয় জন্তু, বিশ্ববিখ্যাত এশিঙীয়া গড় আদি ওচৰৰ পৰা স্বচক্ষুৰে চোৱাৰ দীর্ঘদিনীয়া এক হেঁপাহ লৈ ৰাজ্যিক চিৰিয়াখানালৈ আহে। সকলোৰে মনত মাথোঁ এটাই আশা থাকে যে ওচৰৰ পৰা বাঘ, ভালুক, সিংহ, জিৰাফ, ম’ৰা চৰাই, পহু, এশিঙীয়া গড়, সোণালী বান্দৰ আদি চাবলৈ পাব; কিন্তু ছাত্র- ছাত্রীসকলৰ সেই আশা যেন পুৰণ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যিক চিবিয়াখানা কর্তৃপক্ষ। কিয়নো এই ভৰপক সময়ত চিৰিয়াখানা কর্তৃপক্ষই চলাইছে নির্মাণ কার্য

ফলত ছাত্র-ছাত্রীসকলে ৰাষ্ট্রীয় পক্ষী ম’ৰ চৰাই স্বচক্ষুৰে প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। ম’ৰা, ভাটোকে ধৰি অন্যান্য আপুৰুগীয়া পক্ষী থকা পক্ষীঘৰটো বন্ধ কৰি ৰখা হৈছে।

উল্লেখ্য যে এই পক্ষীঘৰটোৰ ভিতৰত এবাৰত ১০ মিনিটৰ বাবে ১০ জন লোকৰহে প্ৰৱেশৰ অনুমতি থাকে। অতি সংবেদনশীল তথা নীৰৱতা অৱলম্বন কৰি সংশ্লিষ্ট পক্ষীঘবত প্ৰৱেশ কৰি ওচৰৰ পৰা ৰাষ্ট্রীয় পক্ষীক প্রত্যক্ষ কৰাৰ এক সুকীয়া মাদকতা আছে। সেয়ে ৰাজ্যিক চিৰিয়াখানালৈ অহা প্রতিজনৰ বাবে ই এক মুখ্য কেন্দ্রস্থলৰূপে পৰিগণিত হৈ আহিছে;

কিন্তু শেহতীয়াকৈ এই পক্ষীঘৰৰ কাষতে চিৰিয়াখানা কর্তৃপক্ষই অব্যাহত ৰাখিছে এক নির্মাণ কার্য। যাৰ কাৰণে পক্ষীঘৰটো বন্ধ কৰি ৰখা হৈছে আৰু ৰাষ্ট্রীয় পক্ষীক প্রত্যক্ষ কৰিবলৈ নাপায় ছাত্র-ছাত্রীসকল বিমর্ষ হৈ উভতি যাবলগীয়া হৈছে।

অৱশ্যে একাংশ কণ কণ শিশুবে পক্ষীগৃহৰ চাৰিবেৰাৰ কাষত থকা দেৱালত অসুৰক্ষিত অৱস্থাত উঠি ৰাষ্ট্রীয় পক্ষীক জুমি চাবলৈ চেষ্টা কৰে যদিও দুই-এজনহে সফল হয়। ফলত ছাত্র-ছাত্রী তথা শিশুসকলৰ লগত অহা শিক্ষক-শিক্ষয়িত্রী, অভিভাৱকসকলে এই ভৰপক সময়ত নির্মাণ কার্য চলাই নেকি বুলি নিজৰ মাজতে ক্ষোভ প্রকাশ কৰি আঁতৰি গৈছে।

উল্লেখ্য যে ১২ মাহে ৰাজ্যিক চিৰিয়াখানাত পর্যটক থাকে যদিও বছৰৰ শেষ আৰু প্ৰথমার্ধত ইয়াৰ সংখ্যা বৃদ্ধি হয়; কিন্তু এই পর্যটকসকলে কিহৰ আশাত ৰাজ্যিক চিৰিয়াখানালৈ আহে এই ক্ষেত্রত যেন চিন্তিত নহয় কর্তৃপক্ষ। কিয়নো ৰাজ্যিক চিৰিয়াখানাখনত ১১২ প্রজাতিৰো অধিক মুঠ ১,২৩১ টা জীৱ-জন্তু, পক্ষী থকাৰ তথ্য চিৰিয়াখানা কর্তৃপক্ষই সদৰী কৰি আহিছে যদিও এই প্রাণীসমূহ পর্যটকে প্রত্যক্ষ কৰিব পৰাকৈ যিদৰে সুব্যৱস্থা থাকিব লাগিছিল, সেই ব্যৱস্থা দিয়াত ব্যর্থ হোৱাৰ অভিযোগ উঠিছে।

নাম প্রকাশত অনিচ্ছুক কে’বাগৰাকী অভিভাবকে এই সন্দর্ভত চিৰিয়াখানা কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে চিৰিয়াখানাখনত পর্যাপ্ত পৰিমাণৰ জীৱ-জন্তু, পক্ষী আছে যদিও ইয়াক প্রত্যক্ষ কৰাৰ যি ব্যৱস্থা থাকিব লাগিছিল সেয়া নাই।

উদাহৰণস্বৰূপে ইয়াত দুটাকৈ জিৰাফ আছে যদিও তেওঁলোকক ৰখা ঠাইখিনি যথেষ্ট ডাঙৰ হোৱাত ইটো মূৰত জিৰাফ কেইটা থাকিলে এই মূৰৰ পৰা শিশুসকলে দেখি নাপায়। একেদৰে এশিঙীয়া গঁড়ৰ ক্ষেত্ৰতো একে ব্যবস্থা আৰু এদিনৰ যদি বেলেগ এটা স্থানত গড় দেখিবলৈ পোৱা যায় আকৌ কেতিয়াবা পছৰ লগত দেখা যায়। একপ্ৰকাৰ এক বিশৃংখল পৰিৱেশ

আনহাতে, ম’ৰা চৰাই থকা পক্ষীগৃহটো বন্ধ কৰি ৰাখিছে আৰু ক’ৰবাত জীৱ-জন্তু নামফলক আছে যদিও গড়াল শূন্য। বিশেষকৈ এই সময়ছোৱাত বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রীসকল আহে আৰু এই সময়ত ৰাষ্ট্রীয় পক্ষী থকা গড়ালটো বন্ধ কৰি ৰখাটো উচিত হোৱা নাই বুলি অভিভাৱকসকলে মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁলোকে চিৰিয়াখানাখনত পৰিস্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব দিবলৈ কর্তৃপক্ষক আহ্বান জনাই অ’ত-ত’ত গছ উভালি পৰি থকা কথাও দৃষ্টি নিক্ষেপ কৰে।

Exit mobile version