Guwahati Boragaon Murder:মহানগৰীৰ বৰাগাঁৱত লোমহৰ্ষক ঘটনা

নিজ গৃহতে পিতৃ- কন্যাক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ, তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ পিতৃ- কন্যা, দুৰ্বৃত্তৰ আক্ৰমণত থিতাতে নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰী, মৃত্যুৰে চিকিৎসালয়ত যুঁজিছে বনজিৎ দাস

boragaon murder

Guwahati Boragaon Murder:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙলি দেখুৱাই অপৰাধীয়ে অব্যাহত ৰাখিছে বিভিন্ন অপৰাধমূলক কাৰ্য ৷ ক্ৰমাৎ যেন অপৰাধ নগৰীলৈ পৰ্যবেশিত হৈছে গুৱাহাটী ৷

বুধবাৰে মহানগৰীৰ বৰাগাঁৱত সন্ধিয়াভাগত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷ নিজ গৃহতে পিতৃ- কন্যাক আক্ৰমণ কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে ৷  অচিনাক্ত ঘাতকৰ আক্ৰমণত থিতাতে নিহত হয় সপ্তমমান শ্ৰেণীৰ ছাত্ৰীৰ ।

আনহাতে মৃত্যুৰে চিকিৎসালয়ত যুঁজিছে বনজিৎ দাস ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত ছাত্ৰী গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত

এই চাঞ্চল্যকৰ লোমহৰ্ষক ঘটনাই তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ৷ কোনে কি উদ্দেশ্যৰে এইদৰে পিতৃ- কন্যাক আক্ৰমণ কৰিলে এই সন্দৰ্ভত কোনো শুংসূত্ৰ পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version