Sasal Satadal Sahitya Sabha:চচল শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

যুক্তিবাদী আৰু বিজ্ঞানমুখী নহ'লে আজি আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিম

sasal

Sasal Satadal Sahitya Sabha:

যুক্তি আৰু বিজ্ঞানে আমাৰ প্ৰগতিৰ পথ ৷ যুক্তিবাদী আৰু বিজ্ঞানমুখী নহ’লে আজি আমি প্ৰত্যাহ্বান গ্ৰহন কৰিব নোৱাৰিম ৷ আৱেগক মুলধন কৰিব লাগিলে আমি আমাৰ প্ৰগতিৰ ধ্বজা উৰুৱাব নোৱাৰিম ৷ এই মন্তব্য শিক্ষাবিদ আৰু বিশিষ্ট লেখক ড° পৰমানন্দ মজুমদাৰৰ ।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি চচল শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত শিক্ষাবিদ গৰাকীয়ে কয় যে বৰ্তমান আমি জটিল সময়ৰ মুখামুখি হৈছোঁ, আমি যেন পৰস্পৰে পৰস্পৰক চিনি নাপাওঁ , চৌদিশে অসুস্থ বাতাবৰণ সৃষ্টি হৈছে ৷ আমি থিৰাং কৰিব লাগিব আমি কাৰ বাবে সাহিত্য সৃষ্টি অথবা সংস্কৃতিৰ বাবে আগুৱান হ’ম ৷

অনৈক্যৰ সৃষ্টিৰ বাবে আমি অসমতা গঢ়িবলৈ নে সমতা স্থাপনৰ বাবে ? আমি ঐতিহ্য খেদি ফুৰিমনে বৰ্তমান বাস্তৱৰ মুখামুখি হ’ম ? আমি উপলব্ধি কৰিব লাগিব অম্বিকাগিৰী ৰায়চৌধুৰীয়ে জাতিটোক কি দৃষ্টিভংগীৰে আগবঢ়াই লৈ যাব বিচাৰিছিল ৷ তেওঁ কোৱা অসমীয়াৰঅৰ্থনৈতিক স্বাধীনতা আমি পালোনে ? জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই যিদৰে জাতিটোক সংহতিৰ বাটেৰে লৈ যাব বিচাৰিছিল আমি সেই বাটে গলোনে ? ইত্যাদি মন্তব্য প্ৰকাশ কৰি চচল শতদল শাখা সাহিত্য সভাৰ মাহেকীয়া বাৰ্তালোচনী উন্মোচন কৰে ৷

মুকলি সভাত সন্মানীয় আতিথি হিচাবে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত- সচিব নিবন্ধকাৰ স্বপ্ননীল বৰুৱাই শাখা সাহিত্য সভাৰ মুখপত্ৰ ‘ চচল দৰ্পন ‘ উন্মোচন কৰে ৷ উন্মোচনী ভাষনত চচল দৰ্পনৰ এক সমীক্ষাত্মক বক্তব্য আগবঢ়োৱাৰ লগতে কিছু ৰসাল অথচ অভিজ্ঞতাপুষ্ঠ আৰু তথ্য সমৃদ্ধ বক্তব্যৰে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰে ৷

চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি কামৰূপ ৰত্ন থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অলপতে অনুষ্ঠিত ‘কুঁহি’ আৰু ‘ৰামধেনু’ শাখাৰ অসমীয়া আবৃতি ,আকস্মিক বক্তৃতা আৰু সাধু কোৱা প্ৰতিযোগিতাৰ লগতে ‘আকাশ’ শাখাৰ উদ্যোগত অনুষ্ঠিত চুটিগল্প প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত যথাক্ৰমে ৰিংকু মহন্ত, ৰিণু দেৱী গোস্বামী, বিৰজা দেৱী আৰু উদগনি বঁটা মণিষা কেশৱক কিতাপৰ টোপোলা, বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

শাখা সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত চচলৰ মহিলাসকলৰ সমবেত গীত, শিল্পী সদানন্দ বৰ্মণ, মালা শৰ্মা,গিৰিশ শৰ্মাৰ সুমধুৰ সংগীত আৰু কনমানি সকলৰ আবৃত্তি আৰু সংগীতানুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰে ৷

ৰাতিপুৱা শাখা সভাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাৰ সাহিত্য সভাৰ পতাকা উত্তোলন আৰু প্ৰাক্তন সভাপতি ভুপেন্দ্ৰ নাথ দাসৰ স্মৃতি তৰ্পন কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ হয় ৷ শাখা সভাৰ সহকাৰী সম্পাদক নিকুঞ্জ দাসে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে দিনযোৰা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সকলোকে ধন্যবাদ জনায় ৷ অসম সংগীতেৰে দিনযোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

Exit mobile version