Three Phases Of The Gunotsav From Tomorrow:কাইলৈৰ পৰা তিনিটা পর্যায়ত গুণোৎসৱ

gonutsav

Three Phases Of The Gunotsav From Tomorrow:

কাইলৈৰ পৰা ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৪ ৷ ৩৫ খন জিলাত আৰম্ভ হ’বলগীয়া গুণোৎসৱে প্ৰথম পৰ্যায়ত সামৰি ল’ব ১২ খন জিলাক ৷ গুণোৎসৱ সামৰণি পৰিব ৮ ফেব্ৰুৱাৰীত ৷

গুণোৎসৱত ৰাজ্যৰ ৪৩,৪৯৮ বিদ্যালয়ত ৩৯,৬৩,৫৪২ গৰাকী শিক্ষার্থীয়ে অংশ ল’ব ৷ প্ৰথম পৰ্যায়ত তালিকাত অন্তভূক্ত জিলা কেইখন হ’ল বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰি।

আনহাতে ৯ জানুৱাৰীৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব হাইলাকান্দি, যোৰহাট, কামৰূপ (ম), শোণিতপুৰ, তিনিচুকীয়া , তামুলপুৰ,বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী আৰু গোলাঘাটত ৷

ইপিনে,৫ ফ্ৰেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব লগা জিলা কেইখন হ’ল নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী, পশ্চিম কাৰ্বি আংলঙ ,বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা আৰু কাছাৰ ৷

উল্লেখ্য যে,প্ৰথমবাৰৰ বাবে গুণোৎসৱৰ ১০% নম্বৰ সংলগ্ন হ’ব বছৰেকীয়া পৰীক্ষাত। আনহাতে গুণোৎসৱত প্ৰতিগৰাকী শিক্ষার্থী উপস্থিত থকাটো বাধ্যতামূলক কৰিছে শিক্ষা বিভাগে ৷

Exit mobile version