Prominent Musician Bhupen Uzir Passes Away:বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান

বৰেণ্য শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন হ'ব নৱগ্ৰহ শ্মশানত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

bhupenda

Prominent Musician Bhupen Uzir Passes Away:

ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ মহাপ্ৰয়াণ। মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে নিশা ১০ বজাত প্ৰথিতযশা সংগীত শিল্পী গৰাকীয়ে নিশ্বাস ত্যাগ কৰে।

নিশাটো নেমকেয়াৰ হাস্পতালতে ৰখাৰ পিছত আজি পুৱা মঠঘৰীয়াস্থিত নিজ বাসগৃহলৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অনা হয় ৷ ইয়াত জনপ্ৰিয় যন্ত্ৰশিল্পী গৰাকীক তেওঁৰ অলেখ গুণমুগ্ধ আৰু অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনায় ৷

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে আজি বিয়লি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব। শিল্পীগৰাকীয়ে শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ছয় জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল নেমকেয়াৰ হাস্পতালত ৷ ভূপেন উজিৰৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব।

ভূপেন উজীৰে ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। তাতে তেওঁ শৈশৱ পাৰ কৰিছিল ৷ সংগীত জগত খনত ভৰি দিয়ে এজন গীটাৰিষ্ট হিচাপে ৷ তেওঁ সুধাকণ্ঠ ড:ভূপেন হাজৰিকা আৰু দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ স’তেওঁ গীটাৰ বজাইছিল। জনপ্ৰিয় সংগীত পৰিচালক গৰাকীয়ে ইহ সংসাৰত এৰি যায় পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক।

উল্লেখ্য যে ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা বহু দীঘলীয়া। তেওঁ একেধাৰে আছিল সংগীত পৰিচালক, সুৰকাৰ, গীটাৰবাদক, শব্দযন্ত্ৰী, গীতিকাৰ, বাদ্যযন্ত্ৰী । ২০ খনৰো অধিক ছবিত ভূপেন উজীৰে কৰিছিল সংগীত পৰিচলনা । এসময়ৰ দশৰ্কৰ মন জয় কৰিব সক্ষম হোৱা জনপ্ৰিয় কথাছবি জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, জখম, উৰ্বশী, এই মৰম তোমাৰ বাবে, পূজা, পিতা পুত্ৰ, ভাই ভাই, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে, অঘৰী আত্মা, বৰদৈচিলা আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে।

উজীৰে সংগীত পৰিচালনা কৰা প্ৰথমখন ছবি আছিল দেৱী। উল্লেখ্য যে ,সুগায়িকা পত্নী শান্তা আৰু ভূপেন উজীৰ যুটী অসমীয়া সংগীত জগতৰ বাবে এক অনবদ্য অৱদান।মুম্বাইৰ প্ৰতিষ্ঠিত সংগীত পৰিচালক জিতু -তপনৰ দ্বাৰা পৰিচালিত অৰ্কেষ্ট্ৰাত গীটাৰ সংগত কৰিছিল ভূপেন উজীৰে।

ভূপেন উজীৰে ভাৰতীয় খাদ্য নিগমত চাকৰিত যোগদান কৰিলেও সংগীতৰ সাধনা এৰি দিয়া নাছিল। এসময়ত সংগীত যাত্ৰা ব্যাহত হোৱাৰ আশংকা কৰি তেওঁ স্বইচ্ছাৰে চাকৰি ত্যাগ কৰিছিল এফচিআইৰ ।

পৰৱৰ্তী সময়ত মহানগৰীৰ গীতানগৰৰ ভাড়াঘৰত ভূপেন উজীৰে আৰম্ভ কৰিছিল অডিটেক নামৰ নিজৰ ষ্টুডিঅ’টো। ষ্টুডিঅ’ৰ বাবে এটা ছেকেণ্ডহেণ্ড শব্দগ্ৰহণ যন্ত্ৰ ক্ৰয় কৰি তেওঁ অডিটেক আৰম্ভ কৰিছিল। মনকৰিবলগীয়া যে,এই ষ্টুডিঅ’তে নবীন- প্ৰবীন বহু শিল্পীয়ে গীত ৰেকর্ডিং কৰি বহু শিল্পীয়ে জনপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

অসমৰ সংগীত জগতৰ স্বনামধন্য ব্যক্তিসত্তা, যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, ভূপেন উজীৰ এগৰাকী সংগীতকাৰ হিচাপে দীৰ্ঘদিন ধৰি সুৰৰ সাধনাৰে তেখেতে অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল। কেইবাটাও প্ৰজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা ভূপেন উজীৰৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ লগতে উজীৰৰ শোকসন্তপ্ত পৰিয়াল তথা গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলো ।

Exit mobile version