ULFA[I]:আলফা (স্বাঃ)ৰ ম্যানমাৰৰ গভীৰ অৰণ্যত থকা শিবিৰত ড্ৰোণ আক্ৰমণ

ড্ৰোনে তিনিবাৰকৈ কৰা আক্ৰমণত আহত হৈছে দুজনকৈ কেডাৰ, ড্ৰোন আক্ৰমণৰ ফটো সংবাদ মাধ্যমলৈ প্ৰেৰণ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ

ulfa 1

ULFA[I]:

যোৱা দেওবাৰে চুবুৰীয়া দেশ ম্যানমাৰৰ গভীৰ অৰণ্যত থকা আলফা স্বাধীনৰ শিবিৰত সংঘটিত হোৱা ড্ৰোন আক্ৰমণৰ ফটো শেহতীয়াকৈ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে ।

উল্লেখ্য যে,দেওবাৰে ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাই ভাৰত – ম্যানমাৰৰ সীমান্তৰ পৰা পৰা ড্ৰোনেৰে নিক্ষেপ কৰে তিনিটাকৈ বোমা ৷এই ড্ৰোণ আক্ৰমণত আহত হয় দুগৰাকী আলফা স্বাধীনৰ সদস্য ৷

স্মতৰ্ৱ্য যে,ভাৰতীয় সেনাই আলফা স্বাধীনৰ কেম্পত আক্ৰমণ কৰাৰ বিষয়ে আগতীয়াকৈ সম্ভেদ লাভ কৰিছিল বুলি সংগঠনটোৱে উল্লেখ কৰে ৷ আনকি ভাৰতীয় সেনাৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সংগঠনটো সম্পূৰ্ণ সষ্টম হৈ আছিল বুলিও দাবী কৰে সংগঠনটোৱে ৷

Exit mobile version