Prime Minister Will Address New Voters On January:২৫ জানুৱাৰীত অসমৰ প্ৰায় দুই লাখ নতুন ভোটাৰক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

বিজেপি যুৱ মৰ্চাৰ উদ্যোগত একে সময়তে ২৫২খন 'নতুন ভোটাদাতা সন্মিলন'

pijush hazarika

Prime Minister Will Address New Voters On January:

দেশৰ আগন্তুক নিৰ্বাচনত যুৱ ভোটাৰে ল’ব নির্ণায়ক ভূমিকা। এই যুৱ ভোটাৰক লক্ষ্য কৰি শাসকীয় বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী তৎপৰতা। যুৱ ভোটাৰক সংগঠিত কৰাৰ লক্ষ্যৰে বিজেপিৰ যুৱ মৰ্চাই অব্যাহত ৰখা বিভিন্ন কাৰ্যসূচীৰ মাজতে অহা ২৫ জানুৱাৰীত দেশৰ যুৱ ভোটাৰক সম্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

বিশেষকৈ প্ৰথমবাৰলৈ ভোট দিবলগীয়া যুৱ সমাজক উদ্দেশি দেশজুৰি বিজেপিৰ যুৱ মৰ্চাই প্রতিটো বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি ‘নতুন ভোটদাতা সন্মিলন’ অনুষ্ঠিত কৰিছে আৰু এই সম্মিলনসমূহত ভার্চুৱেলী প্রধানমন্ত্রীয়ে সম্বোধন কৰিব।

উল্লেখ্য যে ‘নতুন ভোটদাতা সন্মিলন’ক কেন্দ্ৰ কৰি অসমতো বিজেপিৰ যুৱ মৰ্চাই তৎপৰতা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত বিজেপি যুৱ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ত্ৰিদীপজ্যোতি মৰাণে কয় যে সমগ্র দেশৰ লগতে অসমতো ‘নতুন ভোটদাতা সম্মিলন’ৰ প্ৰস্তুতি চলোৱা হৈছে। বিশেষকৈ আগন্তুক নির্বাচনসমূহত নতুন ভোটাৰসকল অৰ্থাৎ যুৱ ভোটাৰ ভাগ্য বিধাতাৰূপে পৰিগণিত হৈছে।

আগন্তুক নির্বাচনত দেশৰ মুঠ ভোটাৰৰ ৬৫ শতাংশই হৈছে যুৱ ভোটাৰ। অসমতো এইবাৰ প্ৰায় দুই লাখ নতুন ভোটাৰে অৰ্থাৎ প্ৰথমবাৰলৈ ভোট দিব বুলি উল্লেখ কৰি তেওঁ কয়, ‘অহা ২৫ জানুৱাৰীত দেশৰ নতুন ভোটাৰসকলক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব।

এই উপলক্ষে আয়োজিত ‘নতুন ভোটাদাতা সম্মিলন’ ৰাজ্যৰ প্ৰতিটো সমষ্টিতে দুখনকৈ অর্থাৎ মুঠ ২৫২খন সম্মিলন অনুষ্ঠিত কৰা হৈছে।’ মৰাণে সদৰী কৰি ইতিমধ্যে যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে ইয়াৰ প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি কয়।

আনহাতে, নতুন ভোটাৰক সম্বোধন সম্মিলনক লৈ দেশজুৰি ব্যাপক চর্চা অব্যাহত আছে। এই সন্মিলনৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দেশৰ ৫০ লাখ নতুন ভোটাৰক সম্বোধন কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশ পাইছে। অৱশ্যে এই সন্মিলনৰ দিন ২৪ জানুৱাৰী আছিল যদিও এদিন পিছুৱাই ২৫ জানুৱাৰীত কৰা হৈছে বুলি যুৱ মৰ্চাই সদৰী কৰিছে।

উল্লেখ্য যে এই সম্মিলনৰ প্ৰাক্ষণত অৰ্থাৎ ২৪ জানুৱাৰীত বিজেপিৰ যুৱ মৰ্চাই ৰাজ্যজুৰি মটৰ চাইকেল সমদল উলিয়াই শক্তি প্রদর্শন তথা নির্বাচনী ৰণশিঙা বজাব।

এই সন্দৰ্ভত শণিবাৰে মন্ত্ৰী পীযুষ হাজৰিকা সৈতে কাৰ্যসূচী সফল কৰি তুলিবলৈ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা আৰু যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ তথা যুৱ মৰ্চা অসম প্ৰদেশৰ প্ৰভাৰী পি এম সাই প্ৰসাদ, সাধাৰণ সম্পাদক ত্ৰিদিপজ্যোতি মৰাণ আদিৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

Exit mobile version