Idol Will Be Installed In The Sanctuary Of The Ram Temple:ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হ’ব কৰ্ণাটকৰ শিল্পীৰ নিৰ্মিত মূর্তি

শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ ঘোষণা ছমাহে মূর্তি নির্মাণত ব্যস্ত অৰুণ যোগীৰাজ

ram

Idol Will Be Installed In The Sanctuary Of The Ram Temple:

অহা ২২ জানুৱাৰীত নৱনির্মিত ৰাম মন্দিৰৰ গৰ্ভগৃহত ধর্মীয় নীতি-নিয়মৰে প্ৰাণ প্রতিষ্ঠা কৰিবলগীয়া ভগৱান ৰামচন্দ্ৰৰ মূর্তি কোনে নিৰ্মাণ কৰিলে তাকে লৈ অব্যাহত থকা উৎসুকতাৰ অৱসান ঘটিল।

শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে ঘোষণা কৰিলে ৰাম মন্দিৰৰ গৰ্ভগৃহত কৰ্ণাটকৰ এজন ভাস্কর্য শিল্পীয়ে প্ৰস্তুত কৰি উলিওৱা ‘ৰাম লালা’ৰ মূৰ্তি স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণৰ কথা।

উল্লেখ্য যে কৰ্ণাটকৰ ভাস্কর্য শিল্পী অৰুণ যোগীৰাজে প্রস্তুত কৰি উলিয়াইছে ভগৱান ৰামচন্দ্ৰৰ মূর্তি। ন্যাসৰ সাধাৰণ সম্পাদক সম্পত বায়ে আজি এই কথা সদৰী কৰি কয় যে প্রখ্যাত ভাস্কর্য শিল্পী অকণ যোগীৰাজে কৃষ্ণশীলাবে নির্মাণ কৰি উলিওৱা ল মূৰ্তিটো ৰামলালাৰ বিগ্রহ হিচাপে নির্বাচিত কৰা হৈছে।

সেই সূত্রে অহা ২২ জানুৱাৰীত যোগীবাজৰ দ্বাৰা নির্মিত ৰামলালাৰ বড়া। মূর্তিতে প্রাণ প্রতিষ্ঠা কৰা। ইব। আজি কেন্দ্রীয়। মন্ত্রী প্রহ্লাদ যোশীয়েও এক্স হেন্ডেল (পূৰ্বৰ টুইটাৰ) যোগে সদৰী কৰে যে অযোধ্যাত ভগবান ৰামৰ কোনটো মূৰ্তিত প্ৰাণ প্রতিষ্ঠা কৰা হ’ব সেয়া চূড়ান্ত কৰা হৈছে। দেশৰ প্রখ্যাত ভাস্কর্য শিল্পী যোগীবাজ অৰুণৰ দ্বাৰা নির্মিত ৰামৰ মূৰ্তিত প্রাণ প্রতিষ্ঠা কৰা হ’ব।

উল্লেখ্য যে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে ৰামলালাৰ মূর্তি নির্মাণৰ বাবে তিনিজন শিল্পীক বাছনি কৰিছিল। তেওঁলোকৰ ভিতৰত আছিল অৰুণো।

কর্ণাটকৰ অৰুণ যোগীৰাজ দেশৰ এজন প্রখ্যাত ভাস্কর্য শিল্পী। ১৯৮৩ত কৰ্ণটিকৰ মহীশূৰত জন্মগ্রহণ কৰা যোগীৰাজৰ পাঁচ প্রজন্ম ধৰি ভাস্কর্য শিল্পবে জড়িত হৈ আহিছে। অৰুণৰ পিতৃ দাদু বাসভন্ন আছিল প্রখ্যাত ভাস্কর্য শিল্পী। পিতৃৰ দ্বাৰা অনুপ্রাণিত হৈ অৰুণেও কম বয়সৰ পৰা ভাস্কৰ্যৰ ক্ষেত্ৰখনৰে জড়িত হৈ পৰে। অৱশ্যে তেওঁ এমবিএ শিক্ষা সাং কৰি প্রথমতে কৰ্প’ৰেট ক্ষেত্রত চাকৰি জীৱন আৰম্ভ কৰিছিল।

অৱশ্যে পাছত ভাস্কর্য শিল্পৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ বাবে ২০০৮ত চাকৰি কৰি সম্পূর্ণরূপে ভাস্কর্য শিল্পবে জড়িত হৈ পৰে। তাৰপাছত আৰু উভতি চাবলগীয়া হোৱা নাই প্রখ্যাত ভাস্কর্য শিল্পীজনে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অৰুণৰ ভাস্কর্য শিল্প সমাদৃত। দেশৰো বিভিন্ন স্থানত জিলিকি বৈছে অৰুণৰ দ্বাৰা নির্মিত বহু মূর্তি। নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ কাষতে থকা অমৰ জোৱান জ্যোতিৰ পিছফালে থকা নেতাজী সুভাষ চন্দ্র বসুৰ ৩০ ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ কৰিছিল অৰুণ যোগীৰাজে।

একেদৰে কেদাৰনাথৰ আদি শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূর্তিও এইজন ভাস্কর্য শিল্পীয়ে নির্মাণ কৰিছিল। মহীশূৰত থকা ২১ ফুট উচ্চতাৰ হনুমান মূর্তি, বিআৰ আম্বেদকাৰৰ ১৫ ফুট উচ্চতাৰ মূৰ্তি, ৰামকৃষ্ণ পৰমহংসৰ অমৃতশিল মূর্তি, নন্দিৰ ছয় ফুট দীঘল এক শিলা মূর্তি আদিকে ধৰি অসংখ্য মূর্তি গঢ়িছে এইজন ভাস্কর্য শিল্পীয়ে।

উল্লেখ্য যে প্রধানমন্ত্রী নবেন্দ্র মোদীকো অৰুণ যোগীৰাজে নেতাজীৰ এটা দুফুট উচ্চতাৰ মূর্তি উপহাৰ দিছিল। প্রধানমন্ত্রীয়ে সেই ভাস্কর্য দেখি অভিভূত হৈছিল। ইফালে, ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্রধান কফি আন্নানেও অৰুণৰ কাবখানাস্থলী ঘূৰি চাই প্রশংসাৰে উপচাই পেলাইছিল।

ভাস্কর্য শিল্পী হিচাপে পূর্বে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু বঁটাপ্ৰাপ্ত অৰুণ যোগীৰাজে ৰামলালাৰ মূৰ্তি নিৰ্মাণৰ লগে লগে সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজতে চর্চিত হৈছে। কৃষ্ণশিলাৰে নির্মিত এই মূর্তিটো স্থাপিত হ’ব ৰাম মন্দিৰৰ গর্ভগৃহত।

পুত্ৰৰ হাতৰ পৰশত জীৱন্ত ৰূপ উপস্থাপিত হোৱা ভগৱান ৰামচন্দ্ৰৰ মূৰ্তি ৰাম মন্দিৰত প্ৰতিষ্ঠা হ’ব বুলি খবৰ পাই আনন্দত অভিভূত হৈ পৰিছে তেওঁৰ মাতৃ সৰস্বতী। মাতৃগৰাকীয়ে আজি কয়, ‘অৰুণৰ দ্বাৰা নিৰ্মিত মূর্তি যে বাছনি কৰা হ’ব সেয়া আশা কৰা নাছিল অৰুণে।

তেওঁ আমাক কৈছিল মূর্তিটো বাছনি হওক বা নহওক কোনো কথা নাই কাৰণ সকলো শিল্পীয়ে অতি পৰিশ্ৰমৰে মূৰ্তি নিৰ্মাণ কৰিছে। মোৰ ল’ৰাও বিগত ছমাহ ধৰি যিধৰণে অক্লান্ত পৰিশ্ৰম কৰিছে তাৰ ফল লাভ কৰিছে।’ মাতৃৰ মতে, পুত্রই যি মূর্তি নিৰ্মাণ কৰিছে তেওঁ এতিয়ালৈকে দেখাই নাই। তেওঁ পুনৰ কয় যে পুত্রই নির্মাণ কৰা মুৰ্তিটো দেখিলে হয়তো তেওঁৰ পিতৃয়েও সুখ পালেহেঁতেন ৷

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাই দাবী কৰিছিল যে অৰুণে নির্মাণ কৰা ৰাম মূর্তিয়ে প্রাণ প্রতিষ্ঠাৰ বাবে বাছি লোৱা হ’ব পাৰে। অৱশেষত তেওঁৰ কথা সত্য প্রমাণিত হ’ল।

উল্লেখ্য যে অহা ২২ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শৈশৱৰ ৰামচন্দ্ৰৰ মূর্তি নিজ হাতে কঢ়িয়াই আনি অযোধ্যাৰ নৱনির্মিত ৰাম মন্দিৰৰ গৰ্ভগৃহত প্রতিষ্ঠা কৰিব। স্বাভাৱিকতে এই সময়ছোৱাত প্রশ্ন উঠিছে মূল মন্দিৰৰ পৰা কেইশমান মিটাৰ নিলগত থকা অস্থায়ী মন্দিৰত ইমানদিনে পূজা-অর্চনা আগবঢ়াই অহা বিগ্ৰহৰ ক্ষেত্ৰত কি স্থিতি গ্রহণ কৰা হ’ব।

নতুন ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰাম লালাৰ দীর্ঘদিনে পূজা-অর্চনা কৰি অহা মূৰ্তিটোকো স্থান দিব নে বুলি চর্চা হৈছে।

Exit mobile version