National Youth Festival 2024:মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি তৃতীয় স্থানত উজলিল মৰিগাঁওৰ ছায়াৰাণী মেলাং

গৃহভূমি কুশতলিত বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা মেলাঙলৈ

national youth Festival2024

National Youth Festival 2024:

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত ২৭ সংখ্যক যুৱ মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰি উজলিল মৰিগাঁও জিলাৰ কুশতলি অঞ্চলৰ ছায়াৰাণী মেলাং। যোৱা ১২ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈকে অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত কুশতলিৰ সম্ভাৱনাপূৰ্ণ শিল্পী ছায়াৰাণী মেলাঙে ” চল’ ” ফক ছং শিতানত তিৱা গীত পৰিবেশনেৰে তৃতীয় স্থান দখল কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছায়াৰাণী কুশতলিৰ প্ৰফুল্ল বৰদলৈ আৰু অজন্তা বৰদলৈৰ কণ্যা। উল্লেখ্য যে এই মহোৎসৱত দেশৰ ২৯ খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল । উদিয়মান শিল্পী গৰাকী আজি গৃহ জিলা মৰিগাঁৱত উপস্থিত হোৱাৰ লগে লগে অসম সাহিত্য সভা বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতি, অসম ৰাজ্যিক সাংবাদিক সন্থা, কুশতলি আঞ্চলিক শাখা সাহিত্য সভা, লাহৰীঘাট প্ৰেছ ক্লাৱ আদিকে ধৰি বহুকেইটা দল সংগঠনে ছায়াৰাণীৰ লগতে তেওঁৰ সৈতে লোক বাদ্য যন্ত্ৰ সংগত কৰা সহযোগী দেৱাশিষ বৰদলৈ মেলাং, মধুসূধন ফাংছু আৰু তেওঁৰ পিতৃ মাতৃক আদৰণি জনায়।

ইফালে ছায়াৰাণীৰ এই জয় যাত্ৰাত তেওঁৰ ৯০ বছৰীয়া আইতাকেও দিলে বুকু ভৰি আশীৰ্বাদ । উল্লেখ্য যে ছায়াৰাণী মেলাঙে ইয়াৰ পূৰ্বে মৰিগাঁও মহাবিদ্যালয়ৰ কেইবাবাৰো শ্ৰেষ্ঠ গায়িকাৰ খিতাপ অৰ্জন কৰাৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰিছে।

শিল্পী গৰাকীয়ে জানিব দিয়া মতে তেওঁ সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল মৰিগাঁও সাধনা সংগীত মহাবিদ্যালয়ত। বৰ্তমান ছায়াৰাণীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও গুৱাহাতীত প্ৰস্তুতি চলাই আছে। উদিয়মান শিল্পী গৰাকীৰ এনে সাফল্যই স্বাভাবিকতে মৰিগাঁও বাসীক আনন্দিত কৰিছে।

Exit mobile version