North Korea Tests Nuclear Weapons Underwater:এইবাৰৰ সমুদ্রত আতংক বিয়পাব উত্তৰ কোৰিয়াই

পানীৰ তলত পৰমাণু অস্ত্ৰ ব্যৱস্থাৰ পৰীক্ষণ

koria

North Korea Tests Nuclear Weapons Underwater:

উত্তৰ কোৰিয়াই আজি দাবী কৰা অনুসৰি দেশখনে সমুদ্ৰৰ পানীৰ তলত পাৰমাণৱিক অস্ত্ৰ ব্যৱস্থাৰ সফল পৰীক্ষণ সম্পন্ন কৰিলে। দক্ষিণ কোৰিয়া, আমেৰিকা আৰু জাপানৰ শেহতীয়া যৌথ সামৰিক অনুশীলনৰ প্ৰত্যুত্তৰ দি কীম জং উনৰ দেশখনে এইদৰে সমুদ্রত নতুন আতংক সৃষ্টি কৰিবলৈ সাজু হ’ল।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কেচিএনএৰ বাতৰিত দাবী কৰা অনুসৰি, উত্তৰ কোৰিয়াৰ প্ৰতিবক্ষা মন্ত্রণালয়ে পূব সাগৰত হেইল-৫-২৩ৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিলে। প্ৰতিৰক্ষা মন্ত্রণালয়ৰ মুখপাত্রই দেশখনৰ চৰকাৰী সংবাদ মাধ্যমৰ আগত আজি এইদৰে ক’লে, ‘পানীৰ তলৰে পৰমাণু আধাৰিত আক্ৰমণৰ ক্ষেত্ৰত উত্তৰ কোৰিয়াই বিকাশ কৰা ‘নতুন অস্ত্ৰৰ সমুদ্ৰত পৰীক্ষণ সম্পন্ন কৰা হ’ল।

আমাৰ সেনাবাহিনীয়ে সমুদ্র আৰু পানীৰ তলত শত্রু পক্ষক বাধা দিবলৈ এই নতুন অস্ত্র প্ৰণালী তৈয়াৰ কৰি উলিয়ালে।’ উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা বুধবাৰলৈকে দক্ষিণ কোৰিয়া, আমেৰিকা আৰু জাপানৰ নৌ বাহিনীয়ে সমুদ্রত যৌথ সামৰিক অনুশীলনত অংশ লৈছিল। ইয়াৰে প্ৰত্যুত্তৰ দিবলৈ আজি উত্তৰ কোৰিয়াই সমুদ্ৰৰ তলত পাৰমাণৱিক নতুন অস্ত্ৰৰ পৰীক্ষা চলালে।

Exit mobile version