ৰাছিয়াৰ পৰা অস্ত্ৰ আমদানি হ্ৰাস কৰক ভাৰতে । ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত এনেদৰে নতুন দিল্লীলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে আমেৰিকাই । মঙলবাৰে মাৰ্কিন প্ৰতিৰক্ষা সচিব লয়েড অষ্টিনে স্পষ্ট কৰি দিছিল যে আমেৰিকাই বিচাৰে যে ভাৰতে ৰাছিয়াৰ পৰা অস্ত্ৰ ক্ৰয় হ্ৰাস কৰক।
ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ফলত, ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক উত্তেজনা শেহতীয়াকৈ শীৰ্ষত উপনীত হৈছে। ৱাশ্বিংটনে দাবী কৰিছিল যে নতুন দিল্লীয়ে মস্কো এৰি যুদ্ধৰ বিৰোধিতা কৰিব। ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানিৰ ওপৰত মোদী চৰকাৰক তীব্ৰ আপত্তি জনাইছে বাইডেন প্ৰশাসনে ।
ভাৰতে যদি মাৰ্কিন আদেশ পালন নকৰে তেন্তে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও ইংগিত দিছে বাইডেনে।
আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড অষ্টিনে মঙলবাৰে কয়,”আমি চেষ্টা কৰি থাকিব লাগিব যে তেওঁলোকে (ভাৰতে) বুজিব পাৰে যে ৰাছিয়াৰ পৰা অস্ত্ৰ-শস্ত্ৰ আমদানি তেওঁলোকৰ (ভাৰতৰ) স্বাৰ্থৰ বিপৰীতে।”
আমেৰিকাৰ কংগ্ৰেছ সদস্য জো উইলছনৰ এক প্ৰশ্নৰ উত্তৰত অষ্টিনে ইংগিত দিছিল যে আমেৰিকাই ভৱিষ্যতে ভাৰতে ক্ৰয় কৰা বা ক্ৰয় কৰিব বিচৰা ধৰণৰ ৰাছিয়ান অস্ত্ৰ যোগান ধৰিব পাৰে।
বিশ্লেষকসকলৰ মতে, ৰাছিয়াৰ ওপৰত অধিক চাপ সৃষ্টি কৰিবলৈ আমেৰিকা এতিয়া ভাৰতৰ অস্ত্ৰ বজাৰত এক শক্তিশালী অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে, ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ ওপৰত আৰোপ কৰা আমেৰিকাৰ নিষেধাজ্ঞা গ্ৰহণ কৰিবলৈ ভাৰত অনিচ্ছুক।
এতিয়ালৈকে, দেশখনে ইয়াৰ ঐতিহাসিক বন্ধু ৰাছিয়াৰ কাষত থিয় দিছে। কেৱল সেয়াই নহয়, মোদী চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষোভ কাটি কৰি ৰাছিয়াৰ পৰা সস্তাত তেল আমদানি কৰি আছে।
একে সময়তে, নতুন দিল্লীয়ে আমেৰিকা আৰু ইউৰোপক স্পষ্ট কৰি দিছে যে দেশৰ স্বাৰ্থৰ কথা মনত ৰাখি সম্পূৰ্ণ স্বতন্ত্ৰভাৱে বৈদেশিক নীতি প্ৰস্তুত কৰা হয়। সেয়েহে, কোন দেশৰ পৰা ইন্ধন আহিব লাগে সেই বিষয়ে কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ কৰা নহ’ব।































