SC Ordered The Rapist Of Bilkis Bano to Return To Jail On Sunday:বিলকিছ বানোৰ ১১জন ধৰ্ষণকাৰীক দেওবাৰে জেললৈ উভতিবলৈ নির্দেশ ন্যায়ালয়ৰ

বিভিন্ন অজুহাত দর্শাই অধিক সময় বিচৰা আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

banu

SC Ordered The Rapist Of Bilkis Bano to Return To Jail On Sunday:

দেশ জোঁকাৰি যোৱা গুজৰাটৰ বিলকিছ বানো ধৰ্ষণকাণ্ডৰ দোষীসকলে অহা দেওবাৰে ভিতৰত আত্মসমর্পণ কৰিবলৈ চূড়ান্ত সময়সীমা নির্ধাৰণ কৰি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

বিলকিছ কাণ্ডৰ ১১ জন অপৰাধীয়ে কর্তৃপক্ষৰ ওচৰত আত্মসমর্পণৰ বাবে অধিক সময় বিচাৰিছিল যদিও এই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে

ন্যায়াধীশ বি ভি নাগৰত্নৰ নেতৃত্বৰ বিচাৰপীঠে কয় যে আবেদনকাৰীসকলে আত্মসমর্পণ আৰু পুনৰ কাৰাগাৰলৈ উভতি যোৱাৰ পূৰ্বে অধিক সময় বিচাৰি কৰা আবেদনত দেখুওৱা কাৰণসমূহৰ ভিতৰত আছে পাৰিবাৰিক বিবাহ অনুষ্ঠান আৰু পিতৃ-মাতৃৰ দায়িত্ব পালনকে ধৰি খেতি চপোৱাৰ সময় আদি।

আদালতত এই কাৰণসমূহ গ্রহণযোগ্য নহয় বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ১১ জনে অহা দেওবাৰ অৰ্থাৎ ২১ জানুৱাৰীৰ ভিতৰত কাৰাগাৰৰ বিষয়াৰ ওচৰত আত্মসমর্পণ কৰিব লাগিব।

বিলকিছ বানোক দলবদ্ধ ধর্ষণ আৰু পৰিয়ালৰ সদস্যক হত্যা কৰা এই অপৰাধীকেইজনক ২০২২ৰ স্বাধীনতা দিৱসৰ দিনা ইতিমধ্যে অচল হৈ পৰা এক আইন ব্যৱহাৰ কৰি গুজৰাট চৰকাৰে মুকলি কৰি দিছিল। গুজৰাটত গোধৰা কাণ্ডৰ পাছত সৃষ্টি হোৱা সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত বিলকিছ কাণ্ড সংঘটিত হৈছিল।

গুজৰাট চৰকাৰে অপৰাধীকেইজনক ৰেহাই দিয়াৰ বিৰুদ্ধে বানো আৰু নাগৰিক সমাজৰ বিভিন্ন সক্রিয় কর্মীয়ে উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ মুক্তিৰ প্ৰত্যাহ্বান জনাই আবেদন কৰে। কে’বামাহ শুনানিৰ পাছত উচ্চতম ন্যায়ালয়ে ২০২২ৰ গুজৰাট আদালতৰ ৰায় বাতিল কৰে আৰু ১১জন দোষীক পুনৰ কাৰাবন্দী হ’ব লাগিব বুলি নির্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই কথা কয় যে অপৰাধীকেইজনক ৰেহাইৰ নিৰ্দেশ জালিয়াতিৰ আশ্ৰয় লৈ প্ৰদান কৰা হৈছিল। এই ৰেহাইৰ পুনৰীক্ষণ আবেদন দাখিল নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰকো ককৰ্থনা কৰে। সর্বোচ্চ ন্যায়ালয়ে কয় যে যিহেতু বিলকিছ বানো কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া মহাৰাষ্ট্ৰত সম্পন্ন হৈছিল সেয়েহে কেৱল মহাৰাষ্ট্ৰ চৰকাৰে দোষীসকলক বেহাইৰ বিষয়টো বিবেচনা কৰাৰ এক্তিয়াৰ আছে।

গুজৰাট চৰকাৰে এক্তিয়াৰ বহির্ভূতভাৱে নির্দেশ দিয়াৰ বিষয়টো লৈ উচ্চ ন্যায়ালয়ে আঙুলিয়াই দিয়ে। মন কৰিবলগীয়া যে গুজৰাট চৰকাৰে এখন পেনেলৰ স’তে আলোচনা কৰাৰ অন্তত দোষীসকলক ৰেহাই দিছিল। এই পেনেলত শাসকীয় বিজেপিৰ স’তে সম্পর্কিত লোকো আছে।

পেনেলে ঘোষণা কৰিছিল যে ১১ জন দোষীয়ে সংস্কাৰী ব্রাহ্মণ তেওঁলোকক সুআচৰণৰ বাবে মুক্তি দিয়াৰ যুক্তিও দর্শোৱা হৈছিল। মাত্র এয়ে নহয় ঠায়ে ঠায়ে তেওঁলোকক বিপুল আদৰণি জনোৱা হৈছিল। স্থানীয় বিজেপিৰ সাংসদ আৰু বিধায়কৰ স’তে একেখন মঞ্চত বহুওৱা হৈছিল এইসকলক।

Exit mobile version